৬ বিদ্ৰোহী সংগঠনৰ কেডাৰে যোগদান কৰিলে বিজেপিত

Share This Article

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সন্ত্ৰাসবাদ নিৰ্মূল আৰু জনজাতীয় এলেকাত শান্তি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে পশ্চিম কাৰ্বি আংলঙত শান্তি আৰু প্ৰগতিৰ ৰেলী অনুষ্ঠিত কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় চৰকাৰৰ লগত বহু কেইটা সংগঠনে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ১৬ খন আঁচনি আৰু অসম চৰকাৰৰ তৰফৰ পৰা কাৰ্বি পাহাৰলৈ আগবঢ়োৱা হৈছে ২১ খনকৈ নতুন আঁচনি। সেয়েহে আজি ৬টাকৈ উগ্ৰপন্থী সংগঠনৰ কেডাৰে যোগদান কৰিলে বিজেপিত। তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিজেপিত যোগদান কৰে কেডাৰ সকলে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাৰ্বি পাহাৰত শান্তি ঘূৰি আহিব আৰু প্ৰগতিৰ ৰেল চলিব বুলি আশাবাদী সংগঠন সমূহৰ নেতৃত্ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.