সুখবৰঃ নেহৰু ষ্টেডিয়ামত পুনৰ অনুষ্ঠিত হ’ব ক্ৰিকেট

Share This Article

১৯৮৩ চনৰ পৰা ২০১০ চনলৈ কেইবাখনো আন্তঃৰাষ্ট্রীয় মেচৰ সাক্ষী হৈ ৰোৱা নেহৰু ষ্টেডিয়ামক ক্রিকেটৰ বাবে নতুন ৰূপত সজাই তুলিছে অসম ক্রিকেট সন্থাই৷ অসমৰ ক্রীড়াৰ প্রসাৰ আৰু উন্নয়নত উল্লেখনীয় অৰিহণা আগবঢ়োৱা এই ষ্টেডিয়াম খনতে নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব দেশৰ আগশাৰীৰ ঘৰুৱা টি–২০ প্রতিযোগিতা মুস্তাক আলী ট্রফীৰ কেইবাখনো মেচ৷ ২০১৬ত গুৱাহাটীত অনুষ্ঠিত ছাউথ এছিয়ান গেমছৰ বাবে অসম ক্রীড়া প্রাধিকৰণে নেহৰু ষ্টেডিয়ামৰ পৰা ক্রিকেটক বিদায় দিছিল৷ ক্রিকেটৰ উইকেট ভাঙি নেহৰু ষ্টেডিয়ামক পূর্ণাংগ ফুটবল ষ্টেডিয়ামৰ ৰূপ দিয়া হৈছিল৷ কিন্তু প্রাক্তন ৰঞ্জি ক্রিকেটাৰ দেৱজিৎ শইকীয়াৰ নেতৃত্বত গঠিত অসম ক্রিকেট সন্থাৰ নতুন কমিটীয়ে চৰকাৰৰ সহযোগত ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়ামক ক্রিকেটৰ বাবে পুনৰ সাজু কৰাৰ কাম আৰম্ভ কৰে৷ অসম ক্রিকেট সন্থাৰ উদ্যোগ আৰু অসম চৰকাৰৰ সহযোগত অৱশেষত নেহৰু ষ্টেডিয়াম আজিৰে পৰা ক্রিকেটৰ বাবে সাজু হৈ উঠিছে৷ এখন মহিলা টি–২০ মেচেৰে আজি নেহৰু ষ্টেডিয়ামৰ উইকেট পৰীক্ষা কৰা হয়৷ এ চি এৰ সম্পাদক দেৱজিৎ শইকীয়াই নেহৰু ষ্টেডিয়ামৰ নৱনির্মিত উইকেট মুকলি কৰে৷ উল্লেখ্য যে নৱেম্বৰৰ প্রথম সপ্তাহত অসম ক্রিকেট সন্থাই নেহৰু ষ্টেডিয়ামৰ এই নৱনির্মিত উইকেটত মুস্তাক আলী টি–২০ মেচ আয়োজন কৰিব৷ মুম্বাই, কর্ণাটক আৰু বৰোদাৰ দৰে শক্তিশালী দলে নেহৰু ষ্টেডিয়ামত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ প্রায় এটা দশকৰ অন্তত অসম ক্রিকেট সন্থাই নেহৰু ষ্টেডিয়ামলৈ ক্রিকেটৰ পৰিৱেশ ওভতাই অনা পদক্ষেপক অসম প্রবীণ ক্রিকেট সন্থাই আদৰণি জনাইছে৷ ২০১০ৰ ২৮ নৱেম্বৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত নেহৰু ষ্টেডিয়ামত অন্তিমখন আন্তঃৰাষ্ট্রীয় মেচ অনুষ্ঠিত হৈছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.