আমিনুল ইছলামৰ বিৰুদ্ধে বিজেপি মিত্ৰজোটৰ পৰা ধন লোৱাৰ অভিযোগ তুলিলে কোনে ?

Share This Article

এইবাৰ ধিঙৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অগপৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপণ হৈছে ৷ বিগত লোকসভা নিৰ্বাচনত অগপ – বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক সহায় কৰাৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ পৰা ২৫ লাখ টকা লোৱাৰ অভিযোগ উত্থাপণ কৰিছে ৰাইজৰ দলৰ নেতা হুছেইন মহম্মদ ছাহজাহানে ৷ বিগত কিছুদিন ধৰি ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু ৰাইজৰ দলৰ মাজত অব্যাহত আছে তীব্ৰ বাক বিতণ্ডা ৷ আমিনুল ইছলামে ইয়াৰ পূৰ্বে অভিযোগ উত্থাপণ কৰিছিল যে ৰাইজৰ দল গঠন কৰাৰ বাবে অখিল গগৈয়ে এ আই ইউ ডি এফৰ পৰা ১০ কৌটি টকা বিচাৰিছিল ৷ আজি বিধায়কগৰাকীয়ে আকৌ গোপন তথ্য উদঙাই দিয়াৰ ভাবুকি দিয়ে ৷ তাৰ পাছতে আমিনুল ইছলামক উভতি ধৰি ৰাইজৰ দলৰ নেতা ছাহজাহানে কয় যে বিগত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীক সহায় কৰাৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ পৰা আমিনুল ইছলামে ২৫ লাখ টকা লৈছিল ৷তদুপৰি আমিনুল ইছলামে যে সদায়ে বিজেপিক সহায় কৰি আছে , সেয়া ধিঙৰ প্ৰতিজন মানুহেই জানে ৷ বিধায়কগৰাকীক তেওৰ হাতত থকা সকলো তথ্য ৰাজহুৱা কৰিবলৈ আহ্বান জনাই ৰাইজৰ দলৰ নেতাগৰাকীয়ে তেওৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব বুলিও ঘোষণা কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.