প্ৰশাসনৰ বিৰুদ্ধে তালফাল পল্টনবজাৰ

Share This Article

অসম চিকিৎসা মহাবিদ্যালয়ত One Way পথৰ ব্যৱস্থাৰ বিৰুদ্ধে ৰাইজে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । জিলা প্ৰশাসনে যাতায়তৰ বাবে ওৱান ওৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত সেই পথেদি অহাযোৱা কৰা লোক সকল সমস্যাৰ সন্মুখীন হৈছে।সেয়ে এই ব্যৱস্থা শীঘ্ৰে বাতিলৰ দাবীত পল্টনবজাৰ চাৰিআলিত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে স্থানীয় জনসাধাৰণে।। ওৱান ৱে ব্যৱস্থাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনলৈ যোৱা দূৰণিবটীয়া ৰোগীৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰোগীৰ লগতে আত্মীয়। কেৱল যে ৰোগীয়েই হাৰাশাস্তিৰ সন্মুখীন হৈছে এনে নহয় , ক্ষুদ্ৰ ব্যৱসায়ী আৰু তিনিচকীয়া যাত্ৰীবাহী বাহনৰ চালকসকলো লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ব্যৱসায়ীৰ লগতে স্থানীয় লোক সকলে। আনহাতে, ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ জিলা প্ৰশাসনে লোৱা একপক্ষীয় সিদ্ধান্তই বিমোৰত পেলাইছে ৰাইজক।এই পদক্ষেপৰ দ্বাৰা উক্ত পথৰ দাঁতিত থকা ব্যক্তিগত নাৰ্চিংহোম বিলাকক পাৰ্কিঙৰ সুবিধা প্ৰদান কৰি জনতাক অসুবিধাত পেলাই নাৰ্ছিংহোমক ব্যৱসায়ৰ সুবিধা কৰি দিয়া বুলি গুৰুতৰ অভিযোগ কৰিছে প্ৰতিবাদী জনতাই। অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে অন্যথা ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে সমবেত জনতাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.