সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

৮ নৱেম্বৰত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব নিৰ্বাচন । পিছে এই নিৰ্বাচন দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । ২২ টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে জাৰি কৰিছে নিৰ্বাচনী অধিসূচনা । সেই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৯ অক্টোবৰ । ৮নৱেম্বৰৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ৯ নৱেম্বৰত হ’ব পুনৰ ভোটগ্ৰহণ । ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ২২টা সমষ্টি হ’ল—- শদিয়া-এছ টি,
কুণ্ডিল-এছ টি,
মাৰ্ঘেৰিটা-এছ টি,
ডিব্ৰুগড়-জেনেৰেল,
টেঙাপানী-এছ টি,
কটিয়ৰী-এছ টি,
ৰাজাবাৰী-এছ টি,
যোৰহাট-এছ টি,
মাজুলী-এছ টি,
চিচিবৰগাঁও-এছ টি,
শ্ৰীপানি-এছ টি(মহিলাৰ বাবে সংৰক্ষিত),
কিনাপথাৰ-এছ টি,
বঙালমৰা-এছ টি,
গাভৰু টুনিজান-এছ টি,
গহপুৰ-এছ টি
জোনাই-এছ টি,
বৰদলনী-এছ টি,
গোগামুখ-এছ টি,
বৰদেউৰী-এছ টি,
বাঁহগৰাল-এছ টি(মহিলাৰ বাবে সংৰক্ষিত),
কাছিকটা-এছ টি আৰু
পিছলা-এছ টি(মহিলাৰ বাবে সংৰক্ষিত)

- Donation -

Leave A Reply

Your email address will not be published.