দেশত এতিয়া উৰ্দ্ধমুখী হৈছে ইন্ধনৰ মূল্য। নিৰ্বিকাৰ চৰকাৰ-ৰাইজৰ হাহাকাৰ। কিন্তু ইয়াৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পেট্ৰ’লৰ মূল্যবৃদ্ধি সম্পৰ্কত কৰা কিছু মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সম্পৰ্কে মন্তব্য কৰি সভাপতি কলিতাই কয় যে-আপুনি বজাৰ কৰিবলৈ গাড়ী লৈ যোৱা বাবেহে পেট্ৰ’লৰ মূল্য বৃদ্ধি হৈছে। পেট্ৰ’লৰ দাম বাঢ়িছে যদি খোজ কাঢ়ি যাওঁক-চাইকেল চলাওক। গাড়ী-মটৰ চাইকেলৰ ব্যৱহাৰ কমাই দিলেই পেট্ৰ’লৰ দাম কমি যাব। খোজ কাঢ়ি বজাৰলৈ গলে খৰচো কমিব আৰু পেট্ৰ’লৰ দামো কমিব। পেট্ৰ’ল-ডিজেলৰ দাম কমাবলৈ আমি চেক্ৰিফাইচ কৰিব লাগিব। আমি কিয় খোজ কাঢ়ি বজাৰলৈ যাব নোৱাৰো? কিয় মটৰ চাইকেলখন লাগে? সন্তানক কিয় মটৰ চাইকেল দিব লাগে? একেখন ঘৰত পাঁচখনকৈ গাড়ী কিয় লাগে? গতিকে মূল্যবৃদ্ধি হবই। চাহিদাতকৈ যোগান কম হোৱা বাবে মূল্যবৃদ্ধি হৈছে। মন্ত্ৰী-বিধায়ক সকলৰো কনভয় সৰু কৰিব লাগে। মই সেইকাৰণে এছকৰ্ট নানো-অকলে আহো। সকলোৱে ৰাষ্ট্ৰখনৰ কাৰণে চেক্ৰিফাইচ কৰক। এখন বাইকত প্ৰয়োজন হলে তিনিজনকৈ উঠক। নহলে পেট্ৰ’লৰ দাম এশ টকাৰ পৰা দুশ টকা হব।
এগৰাকী জনপ্ৰতিনিধিৰ এনে দায়িত্বজ্ঞানহীন মন্তব্যই এতিয়া খলকনি তুলিছে ৰাজ্যত। মূল্যবৃদ্ধি ৰোধৰ বাবে দূৰদৰ্শী ব্যৱস্থা চিন্তা কৰাৰ সলনি এগৰাকী জনপ্ৰতিনিধিয়ে যদি এনে পাতল মন্তব্য কৰে তেন্তে দেশৰ ভৱিষ্যত কোন দিশে?
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.