এন এইচ পিচিৰ বিৰুদ্ধে গুৱাহাটীত যুৱ-ছাত্ৰ পৰিষদৰ ৰাইজ মেল,আছুকে ধৰি ২২টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অংশগ্ৰহণ

Share This Article

বিশিষ্ট ব্যক্তি, বিশেষজ্ঞ আৰু আছুকে ধৰি 22 টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অংশ গ্ৰহণ

20 ছেপ্তেম্বৰৰ পৰা NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধ

গুৱাহাটী 11 ছেপ্তেম্বৰ: নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত এক ৰাইজ মেল অনুষ্ঠিত হয় | ৰাইজ মেলৰ অন্ততঃ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে শেহতীয়া ভাৱে এন এইচ পিচিয়ে চৰকাৰৰ সহযোগত তথা লক ডাউনৰ সুযোগত গোপনে নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম কৰি প্ৰায় 70% কাম সম্পূৰ্ণ কৰিছে | চৰকাৰৰ সহযোগত এন এইচ পিচিয়ে নদী বান্ধ বিৰোধী আন্দোলনকাৰী দল সংগঠনৰ সতে কেন্দ্ৰীয় চৰকাৰ আৰু এন এইচ পিচিয়ে কৰা চুক্তি ভংগ কৰি সম্পূৰ্ণ অবৈধ ভাৱে নদী বান্ধৰ নিৰ্মাণৰ কাম কৰিছে | উত্তৰ অসমৰ বিশেষকৈ ধেমাজী, লখিমপুৰ, মাজুলী আৰু বিশ্বানাথ জিলাৰ প্ৰায় 965 খন গাঁৱৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ বাবে মৃত্যদূত স্বৰূপ নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি লাখ লাখ লোকৰ জীৱন বিপন্ন কৰিব বিছাৰিছে | অসমৰ ৰাইজ তথা ,নদীবান্ধ বিৰোধী আন্দোলন কৰা দল সংগঠনৰ মতামতক উপেক্ষা কৰি কোনো কাৰণতে নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ কৰিব দিয়া নহব বুলি উল্লেখ কৰি পৰিষদৰ নেতাদ্বয়ে কয় যে ক’ৰণাৰ পৰিপ্ৰেক্ষিতত হোৱা লক ডাউনৰ ফলত কিছু স্তিমিত হৈ যোৱা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন খনি পুনৰ শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্য পৰিষদৰ উদ্যোগত এই ৰাইজ মেলৰ আহ্বান কৰা হৈছিল | যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত আজি অনুষ্ঠিত ৰাইজ মেলত ভূ-তত্ব বিদ ড০ মানিক কৰ, বিশিষ্ট চিন্তাবিদ অদীপ কুমাৰ ফুকন, অনন্ত কলিতা, কেশৱ চন্দ্ৰ চত্ৰধৰা, বিশিষ্ট সাংবাদিক তথা নদী বান্ধ বিৰোধী আন্দোলনৰ সক্ৰিয় কৰ্মী বুবুল হাজৰিকা ,আৰু চৰকাৰে পূৰ্বে গঠন কৰা বিশেষজ্ঞ সমিতিৰ অন্যতম সদস্য এছ পি বিশ্বাস আদিয়ে অংশ গ্ৰহণ কৰে | ইফালে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, উপ সভাপতি উৎপল শৰ্মা, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ ,আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা, দেউৰী ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰশান্ত দেউৰী, মটক যুৱ-ছাত্ৰ সন্মিলনৰ ধৰণী গোহাই, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী চাহ জনজাতি ছাত্ৰ সন্থাৰ অনন্ত সোণাৰ, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জিতুল ৰাজকোৱৰ, টাইপাৰ নেতা ৰুদ্ৰসাগাগৰ বুঢ়াগোহাঁই তথা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতা উপস্থিত থাকে | ৰাইজ মেলত বিশেষজ্ঞ তথা বিশিষ্ট বক্তা সকলে মানব জাতি, জৈৱ বৈচিত্ৰৰ বাবে বৃহৎ নদীবান্ধৰ ভয়াবহতাৰ দিশটো উনুকিয়াই দিয়ে | তেনেদৰে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃ বৰ্গই একেমুখে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন পুনৰ ঐক্যবদ্ধ ভাবে আগবঢ়াই নিয়াৰ মতপোষণ কৰে | আজিৰ ৰাইজ মেলৰ অন্ততঃ 2014 চনৰ ত্ৰিপাক্ষিক বৈঠকৰ চুক্তি বাহাল ৰখাৰ লগতে পুনৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনোৱা, নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ 965 খন গাঁৱৰ ৰাইজৰ মতামত চৰকাৰে গ্ৰহণ কৰাৰ ব্যৱস্থা নকৰা পৰ্য্যন্ত বান্ধ নিৰ্মাণৰ কাম বন্ধ ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় | অন্যহাতে যুৱ-ছাত্ৰ পৰিষদে পূৰ্বে ঘোষণা কৰা এন এইচ পিচিৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধৰ কাৰ্য্যসূচী অহা ইং 20 ছেপ্তেম্বৰৰ পৰা গ্ৰহণ কৰা হব বুলি পৰিষদৰ নেতাদ্বয়ে ঘোষণা কৰিছে | পৰিষদে 20 ছেপ্তেম্বৰৰ পৰা গ্ৰহণ কৰিব লগা কাৰ্য্যসূচীৰ প্ৰতি ৰাইজ মেলত উপস্থিত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনে সহযোগিতা আগবঢ়াব বুলি সংগঠন সমূহৰ নেতৃবৰ্গই ঘোষণা কৰে |

পলাশ চাংমাই
সাধাৰণ সম্পাদক

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.