Investigative reporting with dedication.

বুধবাৰে সংঘটিত হোৱা ভয়ানক নাওঁ দুৰ্ঘটনাৰ পাছৰে পৰা প্ৰতিবাদত উত্তাল হৈ আছে মাজুলী। মাজুলী জিলা ছাত্ৰ সন্থায়ে মাজুলীত নিষিদ্ধ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। মাজুলীবাসীক ক্ষমা নোখোজা পৰ্যন্ত মাজুলীত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে মাজুলী জিলা ছাত্ৰ সন্থাই। লগতে মাজুলীবাসীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে পাটোৱাৰীৰ বিৰুদ্ধে আৰু মন্ত্ৰী জনক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও মত প্ৰকাশ কৰে আছুয়ে। মাজুলী জিলা ছাত্ৰ সন্থাৰ পোনপটীয়া প্ৰশ্ন বিভাগীয় মন্ত্ৰী গৰাকীয়ে কিয় পৰ্যাপ্ত ব্যৱস্থা সমূহ লোৱাত হেমাহি কৰিলে। আছুৰ তৰফৰ পৰা স্পষ্টভাবে কয় যে কেইজনমান বিভাগীয় কৰ্মচাৰীক নিলম্বন কৰিয়েই দায়িত্ব সামৰিছে বিভাগীয় মন্ত্ৰী গৰাকীয়ে।




