পুনৰ আত্মসমৰ্পণ ২ বিদ্ৰোহী সংগঠনৰ

Share This Article

শান্তিৰ পথত এইবাৰ আগুৱাই আহিছে বৰাকৰ উপত্যকাৰ দুটা ৰিয়াং বিদ্ৰোহী সংগঠন।দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত সক্ৰিয় দুই ৰিয়াং বিদ্ৰোহী সংগঠন BRU Liberation Army Union (BLAU) আৰু United Democratic Liberation Army (UDLA) এ অস্ত্ৰ এৰি এইবাৰ শান্তিৰ পথ বাচি লৈছে । অহা ১২ ডিচেম্বৰ দেওবাৰে এই দুই বিদ্ৰোহী সংগঠনৰ ১০০০ ৰ ওপৰত সদস্যই আত্মসমৰ্পন কৰিব৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত আত্ম সমৰ্পণ কৰিব ৰাজেশ চৰ্কী নেতৃত্বাধীন BLAU আৰু ধন্যনাম ৰিয়াং নেতৃত্বাধীন UDLA -ৰ প্ৰায় ১০০০ জন উগ্ৰপন্থীয়ে।এই তথ্য সদৰী কৰিছে কাটলিছাড়াৰ বিধায়ক সুজাম উদ্দিন লস্কৰে । AIUDF বিধায়ক সুজামৰ মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপেৰ বাবেই এই দুই ৰিয়াং বিদ্ৰোহী সংগঠন সমূহ মূল সুঁতিলৈ উভতি আহিছে আছে ।উল্লেখ্য , হাইলাকান্দি জিলাৰ কাটলিছাড়া বিধানসভা সমষ্টিৰ অসম মিজোৰাম সীমান্তত এই দুই বিদ্ৰোহী সংগঠনে একে সময়তে অপহৰণ, হত্যা আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপেৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.