চিলাপথাৰৰ সমীপৰ ডিমৌত আৰক্ষীৰ জালত পৰিছে এখন বেতভৰ্তি সেনাবাহিনীৰ বাহন । চৰকাৰী নীতি-নিৰ্দেশনাক সম্পূৰ্ণ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বন মাফিয়াই বিভিন্ন কৌশল প্ৰয়োগ কৰি নিতৌ ধবংস কৰিছে অসমৰ বন সম্পদ । বন বিভাগে জানিবলৈ দিয়া অনুসৰি কালি নিশাৰ ভাগত অৰুণাচল প্ৰদেশৰ দিপাৰ পৰা এখন সেনাবাহিনীৰ বাহনত বেত ভৰাই লিকাবালিলৈকে নি থকা অৱস্থাত ডিমৌ আৰক্ষী তহলদাৰী চকীৰ জালত পৰে । ধেমাজি বন সংমণ্ডলে জৰিমনা লৈ বাহনখন মুকলি কৰি দিয়াৰ যো-জা চলাইছে বুলি জানিব পৰা গৈছে ।ঘটনাটোৰ ওপৰত উচিত তদন্ত চলাই দোষীক উপযুক্ত শাস্তি বিহিবলৈ আজি সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সোমৰাজ পুৰীয়ে ।