বন মাফিয়াই ব্যৱহাৰ কৰে সেনাৰ বাহন

Share This Article

চিলাপথাৰৰ সমীপৰ ডিমৌত আৰক্ষীৰ জালত পৰিছে এখন বেতভৰ্তি সেনাবাহিনীৰ বাহন । চৰকাৰী নীতি-নিৰ্দেশনাক সম্পূৰ্ণ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বন মাফিয়াই বিভিন্ন কৌশল প্ৰয়োগ কৰি নিতৌ ধবংস কৰিছে অসমৰ বন সম্পদ । বন বিভাগে জানিবলৈ দিয়া অনুসৰি কালি নিশাৰ ভাগত অৰুণাচল প্ৰদেশৰ দিপাৰ পৰা এখন সেনাবাহিনীৰ বাহনত বেত ভৰাই লিকাবালিলৈকে নি থকা অৱস্থাত ডিমৌ আৰক্ষী তহলদাৰী চকীৰ জালত পৰে । ধেমাজি বন সংমণ্ডলে জৰিমনা লৈ বাহনখন মুকলি কৰি দিয়াৰ যো-জা চলাইছে বুলি জানিব পৰা গৈছে ।ঘটনাটোৰ ওপৰত উচিত তদন্ত চলাই দোষীক উপযুক্ত শাস্তি বিহিবলৈ আজি সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সোমৰাজ পুৰীয়ে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.