সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ট্ৰেভেলাৰত উঠি গৰু চহৰলৈ যায়,আলিবাটৰ মানুহে গমকে নাপায়

নগাঁৱত চোৰাং গৰু সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে ন ন পন্থা । আৰক্ষীৰ চকুত ধূলি দিবলৈ ঘণ্টাই ঘণ্টাই সলনি কৰিছে কৌশল । নৈশ বাছ, বিলাসী জাইল’ বাহনৰ পাছত এইবাৰ ট্ৰেভেলাৰত সৰবৰাহ কৰিছে চোৰাং গৰু।নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুসহ ট্ৰেভেলাৰখন। যাত্ৰীবাহী ট্ৰেভেলাৰৰ ছীট খুলি চোৰাং গৰু সৰবৰাহ কৰি আহিছিল অসাধু চক্ৰটোৱে।ট্ৰেভেলাৰখনত আছিল ১৭ টাকৈ চোৰাং গৰু জব্দকৃত ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS01 FC 6367 .ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰিছে ট্ৰেভেলাৰখনত অহা আফটাবউদ্দিন নামৰ এজন লোকক।সম্প্ৰতি,পলাতক হৈ আছে ট্ৰেভেলাৰখনৰ চালক।

Leave A Reply

Your email address will not be published.