ট্ৰেভেলাৰত উঠি গৰু চহৰলৈ যায়,আলিবাটৰ মানুহে গমকে নাপায়

Share This Article

নগাঁৱত চোৰাং গৰু সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে ন ন পন্থা । আৰক্ষীৰ চকুত ধূলি দিবলৈ ঘণ্টাই ঘণ্টাই সলনি কৰিছে কৌশল । নৈশ বাছ, বিলাসী জাইল’ বাহনৰ পাছত এইবাৰ ট্ৰেভেলাৰত সৰবৰাহ কৰিছে চোৰাং গৰু।নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুসহ ট্ৰেভেলাৰখন। যাত্ৰীবাহী ট্ৰেভেলাৰৰ ছীট খুলি চোৰাং গৰু সৰবৰাহ কৰি আহিছিল অসাধু চক্ৰটোৱে।ট্ৰেভেলাৰখনত আছিল ১৭ টাকৈ চোৰাং গৰু জব্দকৃত ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS01 FC 6367 .ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰিছে ট্ৰেভেলাৰখনত অহা আফটাবউদ্দিন নামৰ এজন লোকক।সম্প্ৰতি,পলাতক হৈ আছে ট্ৰেভেলাৰখনৰ চালক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.