শিক্ষাৰ্থীক নিয়ন্ত্ৰণ কৰাতো বাদেই,প্ৰধান শিক্ষককহে কৰিবলগীয়া হৈছে নিয়ন্ত্ৰণ

Share This Article

বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ বিদ্যালয়ত চৰম অচলাব্যৱস্থাৰ সৃষ্টি হৈছে।বিদ্যালয়ত উপস্থিত নাথাকে স্বয়ং প্ৰধান শিক্ষকেই। বুধবাৰৰ দিনটোত খণ্ডটোৰ দুৰ্গম এলেকাৰ একাংশ বিদ্যালয়ত প্ৰধান শিক্ষকৰ মইমতালিৰ প্ৰকৃত স্বৰূপ দেখা পোৱা গ’ল। শিক্ষা খণ্ডটোৰ কানিয়াজান নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যজ্ঞেশ্বৰ পাটিৰৰ মইমতালিৰ পৰিণাম ভুগিছে বিদালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়খনত মধ্যাহ্ন ভোজনতো সংঘটিত হৈছে ব্যাপক অনিয়ম।উক্ত বিদ্যালয়খনত মধ্যাহ্ন ভোজন প্ৰায়েই উপলব্ধ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ চূড়ান্ত দায়িত্বহীনতা, নিজৰ মইমতালি অনুসৰি বিদ্যালয়ত অনুপস্থিত থকাৰো অভিযোগ উঠিছে।সমগ্ৰ ঘটনা সন্দৰ্ভত বিহপুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়ববীয়াৰ লগতে বিদ্যালয় পৰিদৰ্শকো অৱগত যদিও ৰহস্যজনক কাৰণত সকলো নিমাত হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে। অৱশ্যে সমগ্ৰ অভিযোগ সন্দৰ্ভত প্ৰধান শিক্ষক যজ্ঞেশ্বৰ পাটিৰে কৰিছে মন্তব্য। তেওঁ কয়“ ৰান্ধনী দুগৰাকী আছে যদিও দুয়োগৰাকীয়ে নাহে বাবেহে তেওঁ মধ্যাহ্ন ভোজনৰ খাদ্য ৰন্ধাত অসুবিধা হয়। আজি মই ফোন মাৰোঁতে এগৰাকীয়ে নুঠালে। এগৰাকীয়ে আলু ৰুই আছে গতিকে নাহে।” এনে দায়িত্বহীনতাৰে চলিছে ৰাজ্যৰ প্ৰায়বোৰ প্ৰাথমিক বিদ্যালয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.