কোকৰাঝাৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত

Share This Article

কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত অহা ১১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবৱেশনখনক লৈ ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এই উপলক্ষে চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায় একহাজাৰ বিঘা বিশাল ভূমিত আটকধুনীয়াকৈ ৰভা, তোৰণ,দলীয় প্ৰতীকি নিৰ্মান কৰা হৈছে । উক্ত অধিবেশনত ইউপিপিএলৰ দলৰ দহখন জিলা সমিতিৰ ৬ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় লক্ষাধিক লোকৰ সমাৱেশ ঘটিব বুলি আশা কৰা হৈছে । অধিৱেশনথলীৰ আশে পাশে থুলুৱা প্ৰদৰ্শণী বিপনী , বিশাল ভোজনালয় কক্ষ,অভ্যৰ্থনা সমিতিৰ কক্ষ, কেন্দ্ৰীয় আৰু জিলা সমিতিৰ পতাকা উত্তোলনথলী, শ্বহীদ বেদী নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে ।ইপিনে বুধবাৰে এখন সংবাদমেলত অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰেঞ্চ ইছলাৰীয়ে অধিৱেশনখনৰ প্ৰস্তুতিক লৈ কেইবাটাও তথ্য প্ৰকাশ কৰে । অধিৱেশনৰ অন্তিম দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আৰু মিত্ৰজোঁটৰ জি এচ পিৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি সদৰী কৰে। উল্লেখ্য যে ইউপিপিএল দলৰ তিনিদিনীয়া বাৰ্ষিক অধিৱেশনতে দলৰ কেন্দ্ৰীয় মূল সমিতিখন নতুনকৈ গঠনৰে কিছু সালসলনি হ’ব . মূলতঃ ইউপিপিএল দলৰ তিনিদিনীয়া কেন্দ্ৰীয় ৰাজনৈতিক অধিৱেশনতে বিটিআৰত থকা বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সৰ্বাঙ্গীন উন্নয়নৰ হকে বিশেষ গুৰুত্ব আৰোপেৰে শান্তি আৰু প্ৰগতিৰ বাৰ্তা দিয়া হ’ব বুলি সদৰী কৰে অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.