সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিমান অকৰ্মণ্য আভ্যন্তৰীণ জল পৰিবহন বিভাগ?

বুধবাৰৰ দিনটো অসমবাসীৰ বাবে আছিল এটা ক’লা দিন। বুধবাৰে নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ঘটনাৰ পিছৰ পৰাই বিয়াগোম আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কাম-কাজক লৈ প্রশ্ন উঠিছে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ এই বিভাগটো যে চৰম অৰাজকতাৰে চলি আহিছে বা নীতি–নিয়ম বুলিবলৈ একোৱেই নাই সেই ছবিখন এমাহ পূর্বেই বিধানসভাৰ পৰিবহণ বিভাগৰ ষ্টেণ্ডিং কমিটীয়ে উদঙাই দিছে৷ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত যোৱা ৪ আগষ্টত বিধায়ক গোবিন্দ বসুমতাৰীক অধ্যক্ষ হিচাপে লৈ গঠিত ষ্টেণ্ডিং কমিটীয়ে সদনত দাখিল কৰা প্রতিবেদনত অতি স্পষ্টভাৱে চৰকাৰৰ অনুমতিত ৰাজ্যখনত আভ্যন্তৰীণ জলপৰিবহণৰ পাৰঘাট চলি থকাৰ উল্লেখ কৰে৷ এইক্ষেত্রত বৰঘোলা–কাঁহিবাৰী, বৰঘোলা–তিলপুখুৰী পাৰঘাট চৰকাৰৰ অনুমতি অবিহনে চলি থকাৰ বিষয়েও বিভাগক আঙুলিয়াই দিয়ে৷ চৰকাৰৰ অনুমতি অবিহনে ৰাজ্যখনত পাৰঘাট চলি থকাৰ বিষয়ে খোদ বিধানসভাৰ ষ্টেণ্ডিং কমিটীয়ে সদনক অৱগত কৰা কার্যই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অন্তঃসাৰশূন্যতাকেই উদঙাই দিছে৷ তদুপৰি জনসাধাৰণৰ নিৰাপদ যাতায়াতৰ স্বার্থত যি যি স্থানত প্রয়োজন ব্রহ্মপুত্রৰ দুয়োপাৰে ফেৰী সেৱা প্রৱর্তন কৰিবলৈও ষ্টেণ্ডিং কমিটীয়ে বিভাগক পৰামর্শ দিয়ে। আনহাতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আধুনিকীকৰণ যে কাগজৰ পাততেই সীমাবদ্ধ সেয়াও ষ্টেণ্ডিং কমিটীৰ প্রতিবেদনখনৰ পৰাই স্পষ্ট হৈ পৰিছে৷ ষ্টেণ্ডিং কমিটীৰ সৈতে হোৱা আলোচনাত বিভাগে উল্লেখ কৰা অনুসৰি বতৰৰ আগজাননী, নদীৰ পানীৰ গভীৰতা, নদীপথৰ নির্দেশনা নাৱৰীয়াসকলক জি পি এছ ব্যৱস্থাৰে দিয়াৰ বাবে ৰিভাৰ ইনফর্মেচন ছিষ্টেম (আৰ আই এছ) ব্যৱস্থা প্রৱর্তনৰ সিদ্ধান্ত লৈছিল৷ সেইদৰে বর্তমান চলি থকা ১,০০০ ব্যক্তিগত নাৱত জীৱন ৰক্ষাৰ সঁজুলিসহ মেৰিন ইঞ্জিন সংস্থাপিত কৰাৰো ব্যৱস্থা কৰিছে৷
কিন্তু নিমাতীঘাটত সংঘটিত দুর্ঘটনাই বিভাগটোৰ এনে আধুনিকীকৰণ যে কার্যতঃ কাগজৰ পাততে সীমাবদ্ধ পদক্ষেপ সেয়া ওলাই পৰিছে৷ বিভাগৰ এটা সূত্রৰ পৰা জানিব পৰা মতে আজিলৈকে ১,০০০খন নাৱত প্রস্তাৱিত মেৰিন ইঞ্জিন সংযোজন হৈ নুঠিল৷
ইপিনে ২০১৮ চনত গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজত ব্রহ্মপুত্রৰ বুকুত নাও দুর্ঘটনাৰ পিছতেই বিভাগটোৱে জীৱন দিঙা নামৰ অভিলাষী আঁচনি এখন গ্রহণ কৰে৷ দেশীয় নাওসমূহৰ পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ লগতে যাত্রীৰ সুৰক্ষাৰ বাবে মেৰিন ইঞ্জিনৰ ব্যৱস্থা কৰাৰ লগতে বহু অভিলাষী পদক্ষেপৰ কথা কোৱা হৈছিল। কিন্তু কাৰ্যতঃ আজিলৈকে কোনো আঁচনিৰে সফল ৰূপায়ন নহল।

Leave A Reply

Your email address will not be published.