সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিষ্ঠুৰ নিয়তি! বগা সাজ পিন্ধি নামঘৰলৈ যোৱা পৰীমিতা গাত বগা কাপোৰ মেৰিয়াই উভতি আহিল ঘৰলৈ…

দুচকুত অযুত স্বপ্ন লৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰিছিল পৰীমিতা দাসে৷ বিগত ফেব্রুৱাৰী মাহত এক নতুন উদ্যমেৰে মহাবিদ্যালয়খনত যোগদান কৰিছিল পৰীমিতাই৷ কিয়নো তেওঁৰ অন্যতম প্রিয় স্থানসমূহৰ এটা স্থান আছিল মাজুলী৷ চাকৰিত যোগদানৰ পাছতে ফেচবুকত এই কথা প্রকাশো কৰিছিল কটনৰ একালৰ মেধাৱী ছাত্ৰী পৰীমিতাই৷
সেই সময়ত হয়তো কোনেও ভবা নাছিল মাজুলীলৈ চাকৰিসূত্রে যোৱা পৰীমিতাৰ নিঠৰ দেহ স্বৰ্গৰথত উঠি উভতি আহিব নিজৰ ঘৰখনলৈ৷ কোনোৱে নভবা এই কথাই ঘটি গ’ল৷ নিমাতীঘাটত কালি সংঘটিত ভয়াৱহ ফেৰী দুর্ঘটনাত প্রাণ হেৰুৱালে ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পৰীমিতা দাসে৷ মাতৃৰ সন্মুখতে সংঘটিত দুর্ঘটনাটোত প্রাণ হেৰুওৱা পৰীমিতাৰ নশ্বৰ দেহ আজি লৈ অহা হয় গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভাৰাঘৰলৈ৷ যোৰহাট মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হয়৷ সন্ধিয়া প্রায় ৫ বজাত পৰীমিতাৰ নশ্বৰ দেহ ভাৰাঘৰলৈ অনাৰ লগে লগে সমগ্র অঞ্চলটোতে কান্দোনৰ ৰোল উঠে৷ পিতৃৰ চাকৰি সূত্রে দীর্ঘদিন ধৰি কাহিলিপাৰাত বসবাস কৰা পৰীমিতা আছিল অঞ্চলটোৰ সকলোৰে মৰমৰ৷ নম্র আৰু অমায়িক স্বভাৱৰ বাবে সকলোৰে আপোন হৈ পৰা পৰীমিতাৰ মৃত্যুত আজি সকলো শোকস্তব্ধ হৈ পৰিছে৷ কাহিলিপাৰাৰ ভাৰাঘৰত অঞ্চলটোৰ স্থানীয় লোকসকলে পৰীমিতাৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ বিধায়ক সিদ্ধার্থ ভট্টাচার্যই কাহিলিপাৰাতে অধ্যাপিকাগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় নৱগ্রহ শ্মশানলৈ৷ শ্মশানতে সদৌ অসম ছাত্র সন্থাৰ হৈ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দিপাংক কুমাৰ নাথ আৰু উপ–সভাপতি বিপুল ৰাভাই প্রয়াত অধ্যাপিকাগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ অকালতে প্রতিভাৱান অধ্যাপিকাগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° ভট্টাচার্যই আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চলি অহা অৰাজকতাক লৈ ক্ষোভ প্রকাশ কৰে৷ লগতে শীঘ্রে যোৰহাট–মাজুলী সংযোগী দলং নির্মাণৰ কাম আগবঢ়াই নিবলৈ দাবী উত্থাপন কৰি তেওঁ কয় যে মানুহৰ জীৱনৰ সৈতে হেতালি খেলা বন্ধ হ’ব লাগে, আমাক আৰু প্রতিশ্রুতি নালাগে৷ কিমান দিনৰ ভিতৰত দলং নির্মাণ কৰা হ’ব সেই কথা চৰকাৰে স্পষ্ট কৰক৷ ইফালে নৱগ্রহ শ্মশানতে শেষকৃত্য সম্পন্ন কৰা হল দুৰ্ভগীয়া পৰীমিতাৰ৷ ইফালে সহকাৰী অধ্যাপিকাগৰাকীৰ বিয়োগত শোকৰ ছাঁ পৰিছে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত৷ শোকত ভাগি পৰা মহাবিদ্যালয়খনৰ শিক্ষক–কর্মচাৰী আৰু শিক্ষার্থীসকলে অধ্যাপিকাগৰাকীৰ প্রতিচ্ছবিৰ সন্মুখত ধূপ–দীপ জ্বলোৱাৰ লগতে পুষ্পাঞ্জলি অর্পণ কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ কালি আঠখেলীয়া নামঘৰত সেৱা ল’বৰ বাবে মাজুলীৰ পৰা যোৰহাটলৈ আহিছিল পৰীমিতা৷ নামঘৰলৈ অহাৰ পূর্বে একাংশ শিক্ষার্থীক তেওঁ লগ পাইছিল বুলিও জানিব পৰা গৈছে৷ আনন্দ মনেৰে মাজুলীৰ পৰা অহা পৰীমিতা আৰু উভতি নগ’ল ৰঙাচাহী মহাবিদ্যালয়লৈ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱ কুমাৰ গামে পৰীমিতাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি কয় যে মাজুলী–যোৰহাট সংযোগী দলং নির্মাণ হ’লে নদীদ্বীপটোৰ সাংস্কৃতিক ঐতিহ্য ম্লান হ’ব বুলি কোৱাসকলে পৰীমিতাক হত্যা কৰিলে৷ উল্লেখ্য যে এই দুর্ঘটনাৰ পাছতে মাজুলী–যোৰহাট সংযোগী দলং নির্মাণৰ প্রসংগই পুনৰ চর্চা লাভ কৰিছে৷ পৰীমিতা দাসৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মাজুলী মহাবিদ্যালয়েও৷ আজি মাজুলী মহাবিদ্যালয়ৰ কর্তৃপক্ষ, শিক্ষক–কর্মচাৰী আৰু শিক্ষার্থীসকলে এখন শোকসভা অনুষ্ঠিত কৰে৷ লগতে এই নাও দুর্ঘটনাত সন্ধানহীন হৈ থকাসকলৰ নিৰাপদ উদ্ধাৰৰ বাবেও তেওঁলোকে প্রার্থনা জনায়৷ একে সময়তে যোৰহাট–মাজুলী দলং নির্মাণৰ কাম শীঘ্রে সম্পূর্ণ কৰিবলৈ তেওঁলোক দাবী উত্থাপন কৰে৷ ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যাপিকাগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে কটন এলামনাই এছ’চিয়েচনে৷ প্রাক্তন কটনিয়ান পৰীমিতা দাসৰ বিয়োগত গভীৰ শোক প্রকাশ কৰি এছ’চিয়েচনৰ সাধাৰণ সম্পাদক জগদীশ দত্তই কয় যে ভৱিষ্যতে যাতে এনে দুখজনক ঘটনা সংঘটিত নহয়, তাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্রহণ কৰিব লাগে৷ ইয়াৰ লগতে আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰাও কটন বিশ্ববিদ্যালয় চৌহদত এখনি শোক সভাৰ আয়োজন কৰা হৈছে।

Leave A Reply

Your email address will not be published.