মণিপুৰত উজলিল বৰভাগৰ উশ্বু খেলুৱৈ দীপামণি কলিতা

Share This Article

ৰাজ্যলৈ সুনাম কঢ়িয়ালে বৰভাগৰ যুৱতীয়ে।উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত উশ্বু খেলত ৰূপৰ পদকেৰে উজলিল নলবাৰী বৰভাগৰ মৌৰাৰ যুৱতী দীপামণি কলিতা।আৰ্থিক দীনতাত পীড়িত দীপামণিক উৎসাহ যোগাবলৈ সময় নাই স্থানীয় বিধায়ক কিম্বা ক্ৰীড়া বিভাগৰ।টকা সুদত লৈ আগুৱাই নিছে সংগ্ৰাম। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত মহিলাৰ চিনিয়ৰ শাখাত উশ্বু লীগত ৰূপৰ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে দীপামণি কলিতাই।২২ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া কল্যাণ বিভাগৰ অধীনস্থ সংস্থা খেলো ইণ্ডিয়াৰ উদ্যোগত মণিপুৰত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল ভিত্তিক প্ৰতিযোগিতাত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে দীপামণি কলিতাই।উল্লেখ্য যে বৰভাগ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্ৰী দীপামণিয়ে ইয়াৰ পূৰ্বেও টাই-কোৱান-দো,কুংফু, কেৰাটে আদিকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰি পদক আজুৰি আনিবলৈ সক্ষম হৈছিল।সম্প্ৰতি উশ্বু খেলৰ জৰিয়তে নিজকে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখা পিতৃহীনা দীপামণিয়ে আৰ্থিক দীনতাৰ মাজেৰে চলাই নিব লগা হৈছে নিজৰ সংগ্ৰাম।স্থানীয় বিধায়ক তথা ক্ৰীড়া বিভাগক আৰ্থিক সাহায্যৰ বাবে আবেদন জনাইয়ো সঁ‌হাৰি নোপোৱা যুৱ খেলুৱৈ দীপামণিয়ে হাতযোৰ কৰি চৰকাৰৰ পৰা এতিয়া বিচাৰিছে সহায়ৰ হাত।উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি ৬২ গৰাকী প্ৰতিযোগীয়ে লৈছিল অংশ।আৰু ৪২ গৰাকী প্ৰতিযোগীয়ে আজুৰি আনিছে পদক।ইয়াৰ ভিতৰত ১৮ গৰাকীয়ে ৰূপৰ পদক, ৬ গৰাকীয়ে সোণৰ পদক আৰু ১৮ গৰাকীয়ে ব্ৰঞ্জৰ পদক আজুৰি আনি অসমৰ নাম উজলাবলৈ সক্ষম হৈছে।প্ৰশ্ন হৈছে খেলুৱৈ গৰাকীক উৎসাহ যোগাবলৈ সময় হ’বনে সংশ্লিষ্ট বিভাগ,চৰকাৰ কিম্বা স্থানীয় বিধায়কৰ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.