Investigative reporting with dedication.

ডিফু চহৰস্থিত ডিফু ক্লাৱত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে আৰু কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱজ্যোতি কাকতিক আদৰণি জনোৱা হয়। সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মুকুল হাজৰিকাই আঁত ধৰা সভা খনত সভাপতিত্ব কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি দাসে। সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি, কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন, কাৰ্বি আংলঙত বিজ্ঞান আৰু বাণিজ্য মহাবিদ্যালয় স্থাপন, ডিফু চিকিৎসা মহাবিদ্যালয়ত সম্পূৰ্ণ চিকিৎসা সঁজুলি প্ৰদান, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানা সম্প্ৰসাৰণ আৰু ১০০ শতাংশ থলুৱাক নিযুক্তি প্ৰদান, চোৰাং চাউল , ভুৱা নথিৰে কাৰ্বি আংলঙৰ পাহাৰ ধ্বংস কৰি চলাই যোৱা শিলৰ ছিণ্ডিকেট, বহিঃৰাজ্যৰ ৰাজসাহায্য যুক্ত সাৰ, ৰাজপথত চলি থকা পৰিবহণ বিভাগৰ ছিণ্ডিকেট বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে ফুলনিত স্থাপন হ’ব লগীয়া টোলগেটৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।




