অ’ ৰাম আজি দৈৱকীৰ বিয়াহে…..

Share This Article

ৰাজ্য এতিয়া ভগৱান শ্ৰী কৃষ্ণৰ লীলাৰে সৌন্দৰ্যময় হৈ পৰিছে। শৰতৰ জ্যোৎস্না বিধৌত নিশা হৈ পৰিছে অধিক মায়াময় আৰু মধুময়। কিয়নো ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰী কৃষ্ণই শৰৎ কালৰ পূৰ্ণিমাৰ নিশা বৃন্দাবনত গোপীসকলৰ সৈতে কৰা ৰাসলীলাৰ মনোৰম কাহিনীয়ে মুখৰিত কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ। শ্ৰী কৃষ্ণময় তথা ৰাসময় হৈ পৰিছে চৌপাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে বিভিন্ন কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। মানুহৰ পদছন্দৰে উদুলি মুদুলি হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাসথলী। পুৱতি নিশালৈকে ৰাসোৎসৱৰ মঞ্চৰ পৰা বতাহত ভাহিছে, বৃন্দাবনত গোপীৰ সৈতে কৰা শ্ৰীকৃষ্ণৰ নৃত্য-গীতৰ ধ্বনি।শ্ৰীকৃষ্ণ ভয়ত কম্পমান স্বেচ্ছাচাৰী কংসৰ অট্টহাস্য ।মাহজোৰা প্ৰস্তুতিৰ অন্তত ৰাজ্যৰ গাঁও-নগৰত পৰিৱেশিত হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলা।শৰৎ কালৰ পূৰ্ণিমাৰ নিশা শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত আকৰ্ষিত হৈ গোপীসকলে সকলো কাম এৰি ঢাপলি মেলিছিল বৃন্দাবনলৈ। আৰু নিজকে সমৰ্পণ কৰিছিল শ্ৰীকৃষ্ণৰ চৰণত।শৰতৰ পূৰ্ণিমাৰ নিশা গোপীসকলক প্ৰেমভাৱত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন ৰমণীয় আৰু মোহনীয় কৰি তুলিছিল সেই প্ৰেমলীলাই মূলতঃ ৰাসলীলা। শ্ৰীকৃষ্ণৰ এনে ৰাসলীলাক সাৰোগত কৰিয়েই প্ৰতিবছৰে উদযাপিত হৈ আহিছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱ য’ত বসুদেৱ-দৈৱকীৰ বিয়াৰ পৰা শ্ৰী কৃষ্ণৰ জন্ম,শ্ৰীকৃষ্ণৰ শৈশৱ-কৈশোৰ আৰু কংস বধলৈকে অতি সুন্দৰকৈ দেখুওৱা হয়।উজনি অসমত শিল্পীৰ অভিনয়ৰ মাজেৰে দেখুওৱা হয় শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা। য’ত ৰাসৰ বাবে স্থানীয় শিল্পীয়ে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়। এইবাৰ শিৱসাগৰৰ ৭৭ সংখ্যক ঢুলীয়াপাৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত কংসই ঘোঁৰা গাড়ীত উঠি মঞ্চলৈ অহাটোৱে সকলোকে আকৰ্ষিত কৰে। আনহাতে, নামনি অসমত মৃণ্ময় মূৰ্তিৰ দ্বাৰা দেখুওৱা হয় শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা। প্ৰসংগতঃ উল্লেখ্য যে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ বুলিলেই মাজুলীৰ কথা প্ৰথমে মনলৈ আহে। বিশ্বৰ বৃহত্তম নদীদ্বীপটো ৰাসৰ কেইদিন কাৰ্যতঃ ৰূপান্তৰিত হয় দ্বিতীয় বৃন্দাবনলৈ। এইবাৰো নদীদ্বীপটোৰ গোটেইকেইখন সত্ৰতে বিভিন্ন কাৰ্যসূচীৰে মহা ধুমধামেৰে পালন কৰা হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱ।একেদৰে নামনি অসমৰ নলবাৰী,হাউলী,টিহু,শুৱালকুছি আদিত মৃণ্ময় মূৰ্তি প্ৰদৰ্শনৰ জৰিয়তে পালন কৰা হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা। নলবাৰীৰ ৰাস বুলি ক’লেই আছে এক সুকীয়া আকৰ্ষণ য’ত ভ্ৰাম্যমাণ থিয়েটাৰ কেইখনেও অৱতীৰ্ণ হয় নাট্যযুদ্ধত। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসোৎসৱক লৈ বৰ্তমান ৰাজ্যত দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশ। শৰতৰ নিশা শ্ৰীশ্ৰী কৃষ্ণৰ লীলা উপভোগৰ বাবে সকলো ঢাপলি মেলিছে ৰাসথলীলৈ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.