মাজুলীত পুনৰ চলিছে এটা ইঞ্জিন যুক্ত ফেৰীঃ নিৰ্বিকাৰ চন্দ্ৰমোহন পাটোৱাৰী

Share This Article

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাই ৫০ দিন অতিক্ৰম নকৰোতেই যেন সকলো পাহৰি গ’ল জল পৰিবহণ বিভাগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পুনৰ এবাৰ অমান্য হল মাজুলীত। কাৰণ মাজুলীত আকৌ আৰম্ভ হৈছে বিপদজনক ফেৰী সেৱা। পুনৰ মাজুলীবাসীক বিপৰ্য্যয়ৰ মাজলৈ ঠেলি দিব বিচাৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। কিয়নো নিমাতী ঘাটত পুনৰ আৰম্ভ হল একক ইঞ্জিন যুক্ত ফেৰীৰ চলাচল। অভিশপ্ত ৮ ছেপ্টেম্বৰৰ শোকাৱহ নিমাতী ফেৰী দুৰ্ঘটনাৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই বিভাগে লৈছে এই চৰম সিদ্ধান্ত। দুখনকৈ গুটীয়া নাওঁ এছ.বি. ৰাজকুমাৰ আৰু পঞ্চাননী আজিৰ পৰা কমলাবাৰী আৰু নিমাতীৰ মাজত চলাচল কৰিছে। ফেৰীৰ ওপৰত উঠোৱা হৈছে কুৰিৰো অধিক দুচকীয়া বাহন আৰু তিনিখনকৈ চাৰিচকীয়া বাহন। ইয়াকে লৈ এতিয়া মাজুলীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যিহেতু এনে একক ইঞ্জিন যুক্ত নাৱৰ বাবেই তিনিজনকৈ লোকৰ প্ৰাণ গৈছিল গতিকে তাৰ পিছতো কিয় এই চৰম সিদ্ধান্ত ললে জল পৰিবহণ বিভাগে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.