ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ যুৱ-ছাত্ৰ পৰিষদৰ

Share This Article

মাজুলীৰ আবেগক লৈ ৰাজনীতি বন্ধ কৰক : পলাশ চাংমাই
গুৱাহাটী 9 ছেপ্তেম্বৰ: অতি শেহতীয়া মাজুলীত সংঘটিত শোকাবহ ফেৰী দুৰ্ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে | আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে কাৰ্য্যতঃ চৰকাৰ তথা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ চূড়ান্ত হেমাহি আৰু অকৰ্মণ্যতাৰ ফলত মাজুলীৰ শোকাবহ দুৰ্ঘটনা সংঘটিত হল | চৰকাৰ বা আভ্যন্তৰীণ জল পৰিবহন বিভাগে বিগত সময়ত হোৱা ফেৰী দুৰ্ঘটনা সমূহৰ পৰা কোনো শিক্ষা আচলতে নললে | দুটা বছৰ পূৰ্বে উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনা আৰু প্রায় ৪বছৰ মান আগতে ধুবুৰীতো ব্রহ্মপুত্রৰ বুকুত(মেদেৰ টাৰী)ত একেই ঘটনা সংঘটিত হৈছিল আৰু বহু লোকৰ প্রাণ হানি হৈছিল | সকলোবোৰ দুৰ্ঘটনাই ম্যাদ উকলি যোৱা তথা নবীকৰণ নোহোৱা ফেৰীৰ বাবে সংঘটিত হৈছিল | শেহতীয়া আজিৰ মাজুলীৰ ঘটনাও একেই | অন্যহাতে চৰকাৰে কোটি কোটি টকা ব্যয় কৰি ক্ৰয় কৰা ৰ’পেক্স জাহাজ সমূহ ব্যৱহাৰ নকৰি কেবল মাত্ৰ ব্যক্তিগত মালিকাধীন ফেৰী মালিকৰ সতে গোপন বুজাবুজিৰে ব্যক্তিগত ফেৰী চলাচল কৰাই আছে | বিভাগীয় বিষয়া কৰ্মচাৰী আৰু ৰাজনৈতিক নেতা পালিনেতাৰ কমিচন ৰাজৰ বাবে মাজুলীত আচলতে বহু নিৰীহ লোকে প্ৰা্ণ দিব লগা হল | তদুপৰি ঘাটত মাত্ৰ এটা ৰেম্প থকা বাবে ঘাটত এখন ফেৰী ৰৈ থকা অৱস্থাত অন্য ফেৰী সেই ঘাটলৈ আহিলে ইখন আঁতৰাই পঠাব লগা হয় | মাজুলীৰ ঘটনাটো তেনে এক কাৰণত হোৱা বুলি ইতিমধ্যে প্ৰকাশ হৈছে | সমগ্ৰ বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক | সাধাৰণ ৰেম্প এটা নিৰ্মাণ কৰিব নোৱাৰাটো এখন চৰকাৰ বা চৰকাৰৰ এটা বিয়াগোম বিভাগৰ বাবে অতিশয় লজ্জাজনক | মাজুলীৰ শোকাবহ ফেৰী দুৰ্ঘটনাটোৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসম চৰকাৰক তীব্ৰ গৰিহণা জনাই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী জনাইছে | অন্যহাতে পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে ঐতিহ্যমণ্ডিত মাজুলীক লৈ ৰাজনৈতিক দল সমূহে সততে আবেগিক কথাবতৰাৰে ৰাজনিতী কৰি মাজুলীবাসীক আভুৱা ভাৰি আহিছে | 2016 চনতেই মাজুলীৰ বিধায়ক তথা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মাজুলী বাসীক পাচঁ বছৰৰ ভিতৰত দলং নিৰ্মাণ, চিকিৎসালয় বা অনান্য বহু উন্নয়নৰ প্ৰতিশ্ৰুতি দি কাৰ্য্যত এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে | বৰ্তমানৰ ৰাজ্য চৰকাৰ খনেও একে পথকে অনুকৰণ কৰিছে | সেয়েহে পলাশ চাংমায়ে কয় যে অতীজৰে পৰা জলবন্দীত্বৰ জীবন যাপন কৰা মাজুলী বাসীৰ বাবে সঁচা অৰ্থত অনুকম্পা থাকিলে দলং নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ লগতে মাজুলীৰ আন্তঃগাঁঠনিৰ বাবে কাম কৰক | নহলে মিচাতে মাজুলীৰ আবেগত ৰাজনীতি কৰা বন্ধ কৰক | ইফালে মাজুলীৰ শেহতীয়া ঘটনাৰ পিছত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট আৰু মাজুলী জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাক সাক্ষাত কৰি বিভিন্ন দাবী জনাই পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি অনতিবিলম্বে এই দাবী সমূহ ৰূপায়ণৰ দাবী জনাইছে | ইয়াৰ অন্যথা পৰিষদৰ যোৰহাট আৰু মাজুলী জিলা সমিতিয়ে তীব্ৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব সকিয়াই দিয়ে |

পলাশ চাংমাই
সাধাৰণ সম্পাদক

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.