মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীঃ প্ৰেছ বিবৃতি জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছে

Share This Article

কেলেংকাৰীৰ উচ্চ-পৰ্যায়ৰ নিৰপেক্ষ তদন্ত দাবী কৰিলে কংগ্ৰেছ সভাপতি ভূপেন বৰাই

দুখীয়া-ভূমিহীনক গুলীয়াই ‘অবৈধ দখল’ উচ্ছেদ কৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালেই নামিল চৰকাৰী মাটিৰ অবৈধ দখলত!

গুৱাহাটী, ৮ ডিচেম্বৰ ঃ প্রতি নিয়ত ‘চৰকাৰী ভূমি’ৰ পৰা ভূমিহীন, গৃহহীন, বনুৱা-খেতিয়কক উচ্ছেদ কৰা আৰু উচ্ছেদৰ বিৰুদ্ধে শান্তিপূর্ণ প্রতিবাদ কৰা সাধাৰণ অসমৰ মানুহক গুলীয়াই হত্যা কৰা অসমৰ বৰ্তমান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীক ধাল কৰি লৈ সকলো আইন কানুন মোহাৰি ৬ দশমিক ৯২ একৰ ‘চিলিং উদ্বৃত্ত’ মাটি হস্তগত কৰাৰ তথ্য আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সবিস্তাৰে ফাদিল হোৱাৰ পিছত স্বাভাৱিকতে আজি সমগ্ৰ ৰাজ্যবাসী আজি লজ্জানত হৈছে। আজি এই মন্তব্য কৰিছে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই।

দলৰ এক প্ৰেছ বিবৃতিত শ্রীবৰাই কয় যে কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত শিক্ষামন্ত্রী হৈ থকা কালত হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰি তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু বর্তমান বি জে পি দলৰ কিষাণ মৰ্চাৰ উপ-সভাপতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত-বাওঁহাত হিচাপে জনাজাত ৰঞ্জিত ভট্টাচাৰ্যৰ নামত থকা ‘আৰ বি এছ ৰিয়েলটছ’ নামৰ এটা কোম্পানীৰ নামত থকা কামৰূপ জিলাৰ মির্জাৰ সমীপৰ বঙৰাৰ মুঠ ১৮ একৰ মাটিৰ ৬.৯২ একৰ মাটি সম্পূর্ণ কৌশলপূর্ণ ভাবে আৰু প্ৰচলিত আইন উলংঘা কৰি নিজৰ হাতলৈ অনাৰ প্ৰামাণিক তথ্য সহ প্ৰকাশ কৰি সংবাদ মাধ্যমে কেলেংকাৰীটো ফাদিল কৰিছে। যদি এই তথ্য ‘মিছা’, তেন্তে হিমন্ত বিশ্ব শৰ্মাই ততালিকে সংবাদ মাধ্যমটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈ তাক সাব্যস্ত কৰাৰ সাহস দেখুৱাওক।

যিসময়ত থাকিবলৈ এখন ছালি আৰু খেতি কৰিবলৈ সামান্য পৰিমাণৰ চৰকাৰী মাটি ব্যৱহাৰ কৰি থকা দৰিদ্ৰ মানুহক নিশা নিশা উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উঠিপৰি লাগিছে সেই সময়ত তেওঁ নিজে পৰিয়ালৰ নামত খেতিয়ক, শ্রমজীবি মানুহক বঞ্চিত কৰি এইদৰে বৃহৎ পৰিমাণৰ ভূমি অবৈধভাবে দখল কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ এই কেলেংকাৰী সবিস্তাৰে আৰু প্রমাণ সহকাৰে আজি উন্মেচিত কৰি ৰাইজৰ আগত দাঙি ধৰাৰ কাৰণে শ্রীবৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্ভীক বৈদ্যুতিন বার্তালোচনী ‘দি বায়াৰ’ৰ উদ্যোগক প্রশংসা কৰে আৰু ধন্যবাদ জ্ঞাপন কৰে।

০৮ ডিচেম্বৰ, ২০২১

(মনজিৎ মহন্ত) জ্যেষ্ঠ মুখপাত্র, অসম প্রদেশ কংগ্ৰেছ কমিটী

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.