ড্ৰপ আউট’ ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ চেষ্টা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

Share This Article

গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচা অঞ্চল আৰু বিভিন্ন অঞ্চল সমূহৰ যিবোৰ ল’ৰা-ছোৱালীয়ে বিভিন্ন কাৰণৰ বাবে আধাতে বিদ্যালয় এৰিব লগা হৈছে তেওঁলোকক পুনৰ শিক্ষা দানৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।  বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়া আৰু শিক্ষা সেৱক মনীষা বেগমৰ চেষ্টাত ৩১ গৰাকী ‘ড্ৰপ আউট’ ছাত্ৰ-ছাত্ৰী চিনাক্ত কৰি তেওঁলোকক পুনৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়খনে দেওবৰীয়া চ’ৰাৰ যোগেদি অঞ্চলটোৰ ৰাইজৰ কাষ চপাৰ লগতে সকলোকে বিদ্যালয়মুখী কৰাৰ চেষ্টা অব্যাহত ‘ৰাখিছে। যি সময়ত ৰাজ্যখনত ড্ৰপ আউট’ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে সেই সময়ত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰদক্ষেপক সকলোৱে শলাগ লৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.