সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

আজি অনুষ্ঠিত হব অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক। মহানগৰীৰ কইনাধৰাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা এই বিশেষ গুৰুত্বপূৰ্ণ বৈঠকখন। ২০০৫ চনৰ ২ মে’ত শেষবাৰৰ বাবে অসম চুক্তি সন্দৰ্ভত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক। সুদীৰ্ঘ ১৬ বছৰৰ পাছত এই সন্দৰ্ভে আজি অনুষ্ঠিত হব এই বৈঠকখন। বৈঠকত উপস্থিত থাকিব আছুৰ নেতৃত্ব। আছুৰ সভাপতি, সম্পাদক, মুখ্য উপদেষ্টা উপস্থিত থাকিব। অসম চুক্তি ৰূপায়ণৰ আয়ুক্ত ৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব আৰু গৃহ সচিবও উপস্থিত থাকিব বিশেষ বৈঠকখনত।

Leave A Reply

Your email address will not be published.