দুখবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪ টাকৈ বন্যপ্ৰাণীৰ মৃত্যু

Share This Article

ৰাজ্যত বানে তাণ্ডৱ চলাই থকাৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪ টাকৈ বন্যপ্ৰাণীৰ মৃত্যুৰ খবৰে ব্যথিত কৰিছে সকলোকে। বন বিষয়াসকলৰ ভাষ্য অনুসৰি উদ্যানখনৰ কমেও ৩০ শতাংশ এলেকা এতিয়াও পানীৰ তলত আছে। বানপানী আৰু অন্যান্য কাৰণত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত মুঠ ২৪ টা বন্য জন্তুৰ মৃত্যুৰ তথ্য পোৱা গৈছে।
উদ্যান কৰ্তৃপক্ষই লগতে উল্লেখ কৰিছে যে যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে তথাপিও উদ্যানখনৰ কমেও ৩০ শতাংশ অঞ্চল এতিয়াও পানীৰ তলত আছে। উদ্যানখনৰ ২২৩ টা চোৰাং চিকাৰ বিৰোধী শিবিৰৰ ভিতৰত ২১ টা বৰ্তমান জলমগ্ন হৈ আছে।
উদ্যানখনত বানপানীত মৃত্যু হোৱা জন্তুবোৰৰ ভিতৰত এটা গঁড়, তিনিটা হগ ডিয়েৰ(খটীয়া পহু), এটা বনৰীয়া ম’হ আৰু এটা হৰিণ আছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত নটা হগ ডিয়েৰ, এডাল অজগৰ আৰু এটা টুপীয়া লেঙ্গুৰসহ ১১ টা জন্তুৰ মৃত্যু হৈছে। আনকি এই কেইদিনতে প্ৰাকৃতিক কাৰণত এটা গঁড় আৰু তিনিটা হগ ডিয়েৰকে ধৰি চাৰিটা জন্তুৰ মৃত্যু হৈছে। বানপানীৰ সময়ত আন কাৰণত দুটা হগ ডিয়েৰ আৰু এটা জলাভূমিৰ হৰিণকে ধৰি তিনিটা জন্তুৰ মৃত্যু হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.