আজমল প্ৰসংগত উভতি ধৰি কি ক’লে অখিল গগৈয়ে ?

Share This Article

এইবাৰ আজমলক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। বিগত দিনত আজমলে অসমৰ ভূমিত বহুতো চোৰাং কাৰবাৰ কৰা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। আজমলৰ বিশাল দুৰ্নীতিৰ বাবে অতদিনে জে’লত থাকিব লাগে আৰু জে’লৰ পৰা মাত্ৰ এবাৰ নিৰ্বাচনত জয়ী হওক তাৰ পাছত মই তেওঁৰ কথা মানি লম। লগতে তেওঁ কয় যে শাসনাধিষ্ট চৰকাৰৰ পৰা আৰম্ভ কৰি বিৰোধী কংগ্ৰেছক তৈল মৰ্দন নকৰাকৈ থাকক তাৰ পাছত তেওঁৰ জনপ্ৰিয়তা গম পাম। বিধায়ক গৰাকীয়ে স্পষ্টকৈ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত বদৰুদ্দিন আজমলে নিজৰ ব্যৱসায় চলাবলৈ বনাঞ্চলৰ সাঁচি গছসমূহ কাটি ধ্বংশ কৰি পেলাইছে। বিজেপিৰ আশীষ ধন্য হোৱাৰ বাবেই আজমলৰ ওপৰত কোনো ব্যৱস্থা নলয় চৰকাৰে। যিজন বদৰুদ্দিন আজমলে সয়নে সপোনে কেৱল ব্যৱসায়ৰ সপোন দেখি আছে আৰু কিছুমান সাম্প্ৰদায়িক কথা কৈ হিন্দু আৰু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰি থাকে সেইজন আজমলৰ কথা তেঁওৰ কাৰণে প্ৰাসংগিক নহয় বুলিও উল্লেখ কৰে। লগতে তেওঁ কয় উপ নিৰ্বাচনত ৰাইজৰ দলে বৃহৎ জয় লাভ কৰিব আৰু বি জে পি ৰ প্ৰকৃত বিকল্প হিচাপে ৰাইজৰ দলক জনসাধাৰণে আকোৱালি লৈছে। থাওৰা অাৰু মৰিয়নি সমষ্টিত বৃহৎ জয় লাভ কৰিব বুলি স্পষ্টকৈ মত পোষন কৰে বিধায়ক গৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.