Investigative reporting with dedication.

আজি মহালয়া। মৰ্ত্যলৈ নামিল দুৰ্গতি নাশিনী মা দুৰ্গা। ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰ ভাগতে দেখা গ’ল ব্যাপক উচ্ছাহ উদ্বিপনা। এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত আগমন হ’ল আৰু গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক’ভিডৰ বাবে ম্লান পৰিছিল দুৰ্গা পূজা আৰু এইবাৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে ব্যাপক উচ্ছাহ ৰাজ্যবাসীৰ মাজত। মা দুৰ্গাৰ প্ৰতিমাত এতিয়া অন্তিম স্পৰ্শ দিয়াত ব্যস্ত মৃন্ময় শিল্পীসকল আৰু ৰং তুলিকৰ হাতত লৈ একাকাৰ কৰিছে দিন ৰাতি।




