অখিল গগৈৰ সন্দৰ্ভত কি কলে আজমলে ?

Share This Article

অৱশেষত মৌনতা ভংগ কৰিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে। উপ নিৰ্বাচন আৰু কেটবোৰ বিষয়ক লৈ বিস্ফোৰণ ঘটাইছে সাংসদ গৰাকীয়ে। বিধায়ক অখিল গগৈক হতাশগ্ৰস্ত আৰু পৰাজিত নায়ক আখ্যা অজমলৰ। লগতে তেওঁ কয় যে ১৫-২০ খন আসন জিকিম বুলি ভবা অখিল গগৈৰ দল মাত্ৰ এখন আসনতহে জয়ী হল। ৰাইজৰ দল পৰাজিত হোৱাৰ বাবেই অখিল গগৈ এতিয়া হতাশগ্ৰস্ত। হতাশগ্ৰস্ত এইজন নেতাই এতিয়া মমতা বেনাৰ্জী, ৰাহুল গান্ধীৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰিছে। অখিল গগৈয়ে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈহে আজমলৰ কথা কয়। উপ নিৰ্বাচনত পূৰ্বে ভৱানীপুৰৰ সমষ্টিত AIUDF ৰ আধিপত্য বৰ্তমানেও অক্ষুণ্ণ আছে বুলি দাবী কৰি কয় ইনছাল্লাহ আমি উপনিৰ্বাচনত জিকিম। মহাজোটৰ মিত্ৰতা ভংগৰ ক্ষেত্ৰতো কয় আল্লাই কংগ্ৰেছকো ভালে ৰাখক আৰু আমাকো ভালে ৰাখক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.