গণ নাট্য সংঘৰ হোজাই সমিতি গঠন

Share This Article

ভাৰতীয় গণ নাট্য সংঘৰ হোজাই জিলা সমিতি গঠনৰ উদ্দেশ্যে কালি হোজাই জিলাৰ লংকা হাইস্কুল প্রেক্ষাগৃহত এখন প্রতিনিধিত্বমূলক সভাৰ আয়োজন কৰা হয়। জ্যেষ্ঠ অধিবক্তা তথা সাহিত্য সমালোচক ভাৰত তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লংকাৰ জ্যেষ্ঠ সাংস্কৃতিক কৰ্ম্মী তথা অভিনেতা দীনেশ বৰাই।সভাত ৰাজ্যিক পৰ্য্যবেক্ষক ৰূপে উপস্থিত থাকে ক্রমে ৰাজ্যিক প্রধান সম্পাদক বিপুল তালুকদাৰ, নগাওঁ জিলা সভাপতি দিপ্তী কুমাৰ বৰুৱা, ৰাজ্যিক কাৰ্য্যকৰী সভাপতি মোলান লস্কৰ, নগাওঁ জিলা উপ সভাপতি ৰাতুল বৰাৰ উপৰিও অসম সাহিত্য সন্মিলনীৰ ৰাজ্যিক সভাপতি ডঃ সাগৰ বৰুৱাকে ধৰি ভালেমান গণ্য মান্য লোক।সভাত ভাষণ দি ৰাজ্যিক সাধাৰণ সম্পাদক বিপুল তালুকদাৰে কয় যে অপসংস্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ দ্বন্দ অনাদি কালৰ পৰাই চলি আহিছে আৰু তেনে এক সন্ধিক্ষণৰ পটভূমিতে গণ নাট্য সংঘৰ জন্ম। তেওঁ আৰু কয় যে সেই অৱস্থাতে ১৯৪২/৪৩ চনত সাম্ৰাজ্যবাদৰ লগতে ফেচীবাদৰ বিৰুদ্ধে সাস্কৃতিক ভাবে প্রত্যাহবান জনাবলৈকে গণনাট্য সংঘই সংগ্ৰাম আৰম্ভ কৰে। তেওঁ কয় যে গণ নাট্য সংঘ মানুহৰ বাবে আৰু মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবেই গঠন কৰা হৈছিল। এই ক্ষেত্ৰত তেওঁ অলপতে এটা ভ্ৰাম্যমাণ থিয়েটাৰত এজন নাট্যকাৰে চৌৰ্য্যবৃত্তিৰে ৰূপকোঁৱৰৰ কালজয়ী লভিতা নাটকৰ বিকৃত ৰূপ দি মঞ্চস্থ কৰাৰ ধৃষ্টতাক কঠোৰ ভাবে ধিক্কাৰ দি সমালোচনা কৰে। তেওঁ লগতে জনাই যে ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিক অধিবেশনখন অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব আৰু তাতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতা সঠিক ৰূপত মঞ্চস্থ হ’ব। নাট্য আন্দোলনৰ গুৰিত এটা সুস্থ সবল সংগঠন থাকিলেহে সফল হ’ব। সভাত সাংস্কৃতিক সংগঠক প্রহ্লাদ মিলিয়ে অসমৰ বিভিন্ন থলুৱা জাতি-গোষ্ঠীৰ মাজত জনগোষ্ঠীয় ঐক্য গঢ়ি তোলাত গুৰুত্ব দিয়াৰ লগতে কৰ্ম্ম সংস্কৃতিৰ ওপৰতো গুৰুত্ব দিয়ে।সভাত দিপ্তী কুমাৰ বৰুৱা, ডঃ সাগৰ বৰুৱা, হিৰণ্য মিলি আদি ভালেকেইজন বক্তাই ভাষণ দিয়ে।সভাত সৰ্ব্বসম্মতি ক্রমে ভাৰত তামুলী ফুকনক সভাপতি, ডঃ অনিল শ‍ইকীয়া আৰু ঋষিকেশ চক্রবর্ত্তীক উপ-সভাপতি, দীনেশ বৰাক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰে।২০২৩ চনৰ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত ইয়াৰ বার্ষিক অধিবেশন অনুষ্ঠিত হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.