মাটি খহি শেষ মাটিজুৰিৰ

Share This Article

কাটাখাল নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে হাইলাকান্দিত। হাইলাকান্দিৰ কাটাখাল নৈৰ গৰাখহনীয়াৰ ফলত হাইলাকান্দি জিলাৰ মাটিজুৰি গাঁৱৰ এটা পথ আৰু কেইবাটাও পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গৈছে ।যোৱা কেইবা বছৰ ধৰি মাটিজুৰি গাঁৱৰ ৩০ ৰৰো অধিক পৰিয়ালৰ যাতায়াতৰ একমাত্ৰ মাথাউৰিটো সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ যোৱাৰ লগতে এই গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী কাটাখাল নৈৰ গৰাখহনীয়াত জাহ গৈছে ফলত শংকাত দিন কটাবলগীয়া হৈছে এইসকল নৈপৰীয়া ৰাইজে । তেওঁলোকৰ অভিযোগ হাইলাকান্দি জলসম্পদ বিভাগৰ হেমাহিৰ কাৰণে আৰু গুৰত্ব নিদিয়াৰ বাবে এনে অবস্থাত দিন কাটাব লগীয়া হৈছে এই গাঁৱৰ স্থানীয় ৰাইজে। তেওঁলোকৰ অভিযোগ বহুবাৰ জলসম্পদ বিভাগৰ বিভাগীয় অভিযন্তা আৰু হাইলাকান্দি জিলা প্ৰশাসনৰ বিষয়া সকলক এই বিষয়ে অৱগত কৰাৰ পাচতো আজিলৈকে এই ঠাই পৰিদৰ্শন কৰা নাই বিভাগীয় লোকে। এই গাঁৱৰ লোকৰ আন এক অভিযোগ যে স্থানীয় বিধায়ক জাকিৰ হুছেইন লস্কৰেও এতিয়ালৈকে তেওঁলোকৰ সমস্যাটোক কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে জল সম্পদ মন্ত্ৰী পীয়ূষ হাজাৰিকাক অহা বানপানীৰ আগতে খহনীয়া ৰোধ আৰু মাথাউৰিটো মেৰামতি কৰি দিয়াৰ বাবে আহ্বান জনাইছে হাইলাকান্দি জিলাৰ মাটিজুৰ অঞ্চলৰ নৈপৰীয়া ৰাইজে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.