কাইলৈ মহালয়া,মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা

কাইলৈ মহালয়া। মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা। চলিত অক্টোবৰ মাহৰ ১২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ শাৰদীয় দুৰ্গা পূজা। দুৰ্গোৎসৱ উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। এইবাৰ দেৱী ঘোঁৰাত আগমন হৈ গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক’ভিডৰ বাবে ম্লান পৰিছিল দুৰ্গা পূজা আৰু এইবাৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে ব্যাপক উচ্ছাহ ৰাজ্যবাসীৰ মাজত। মা দুৰ্গাৰ প্ৰতিমাত এতিয়া অন্তিম স্পৰ্শ দিয়াত ব্যস্ত মৃন্ময় শিল্পীসকল আৰু ৰং তুলিকৰ হাতত লৈ একাকাৰ কৰিছে দিন ৰাতি।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296