তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পাঠ্যক্ৰমত জ্যোতিষ শিক্ষাৰ অন্তৰ্ভূক্তিঃ কি ক’লে ইলোৰা বিজ্ঞান মঞ্চই?

Share This Article

প্ৰেছ বিজ্ঞপ্তি
গুৱাহাটী : ৪ ছেপ্টেম্বৰ, ২০২১

কিছুদিন পূৰ্বে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) পাঠ্যক্ৰমত জ্যোতিষ শিক্ষাৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে দেশৰ লগতে ৰাজ্যখনৰো ইলোৰা বিজ্ঞান মঞ্চকে ধৰি বিভিন্ন সংগঠন, বিজ্ঞানী আৰু বিজ্ঞানমনস্ক লোকৰ প্ৰতিবাদ মাৰ নৌযাওঁতেই যোৱা ৩ ছেপ্টেম্বৰত অসমৰ অন্যতম মৰ্যাদাসম্পন্ন শিক্ষাৰ অনুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে নামভৰ্তিৰ জাননী প্ৰকাশ কৰি পুনৰ জ্যোতিষ শিক্ষাক গৱেষণা তথা পি এইচ ডিৰ বিষয় হিচাপে ঘোষণা কৰাত ইলোৰা বিজ্ঞান মঞ্চ স্তম্ভিত হৈছে আৰু গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। উক্ত জাননী যোগে বিশ্ববিদ্যালয়খনৰ বহুমুখী গৱেষণা প্ৰতিষ্ঠানে আন কেতবোৰ বিষয়ৰ লগতে ‘জ্যোতিষ শিক্ষা আৰু মানৱ স্বাস্থ্য’ শীৰ্ষক বিষয়ৰ গৱেষণাৰ বিষয় হিচাপে চিহ্নিত কৰাটোৱে ৰাজ্যখনৰ সচেতন ছাত্ৰসমাজৰ লগতে বিজ্ঞানমনস্ক জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

ইলোৰা বিজ্ঞান মঞ্চই প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হয়, সাম্প্ৰতিক সময়ছোৱাত দেশত প্ৰতিনিয়ত বৃদ্ধি পাইছে অন্ধবিশ্বাস আৰু অন্ধসংস্কাৰ। বিজ্ঞান তথা বৈজ্ঞানিক মানসিকতাৰ ওপৰত চলিছে পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণ। প্ৰতিষ্ঠিত বৈজ্ঞানিক তত্ত্ব আৰু পৰীক্ষালব্ধ জ্ঞানক নাকচ কৰি অপবিজ্ঞান-কল্পবিজ্ঞানৰ চৰ্চা চলিছে ব্যাপক হাৰত। পৌৰাণিক ৰূপকথা- অতিকথা- কল্পকাহিনীক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাৰো চলিছে অদ্ভূত অপচেষ্টা। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পাঠ্যক্ৰমত জ্যোতিষ-শাস্ত্ৰৰ দৰে অবৈজ্ঞানিক শিক্ষা তথা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। হেয়জ্ঞান কৰা হৈছে জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা তথা অধ্যয়নক।

আমাৰ অসমতো সম্প্ৰতি অন্ধবিশ্বাসজনিত নৃশংস ঘটনাবোৰৰ ব্যাপকতা ক্ৰমান্বয়ে বাঢ়িছে। ‘ডাইনী’ৰ নামত বৰ্বৰ হত্যা-নিৰ্যাতন আৰু নৰবলিৰ দৰে ঘটনাবোৰ সঘনে ঘটিছে। ভণ্ড বাবা-ফকিৰ-তান্ত্ৰিক, বেজ-কবিৰাজ-জ্যোতিষীৰ ঠগ-প্ৰবঞ্চনাই ৰাজ্যৰ জনসাধাৰণৰ সচেতন অংশটোক উদ্বিগ্ন কৰি তুলিছে। এনে এক সময়ত ইলোৰা বিজ্ঞান মঞ্চই শিক্ষাৰ এক সৰ্বোচ্চ প্ৰতিষ্ঠান এখনৰ এই অবৈজ্ঞানিক সিদ্ধান্তক গভীৰ নিন্দা কৰাৰ লগতে অতিশীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। বিজ্ঞান মঞ্চই প্ৰকাশ কৰা বিবৃতিটোত অসমৰ ছাত্ৰসমাজ আৰু শিক্ষাপ্ৰেমী- অন্ধবিশ্বাসবিৰোধী জনসাধাৰণৰ প্রতিও কেন্দ্ৰীয় চৰকাৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

স্বাক্ষৰ :
ডঃ চন্দ্রমোহন শৰ্মা
সভাপতি,
কমলেশ গুপ্ত
সাধাৰণ সম্পাদক,
ইলোৰা বিজ্ঞান মঞ্চ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.