ভণ্ড শিক্ষক-সাংবাদিকে নাক কাটিলে নলবাৰীৰ

নলবাৰীত শিক্ষক-সাংবাদিকৰ নিকৃষ্ট কাণ্ড।প্ৰতাৰিত যুৱতীৰ গোচৰৰ ভিত্তিত হেণ্ডকাফ লাগিল শিক্ষক-সাংবাদিকৰ হাতত। প্ৰেমৰ চলনাৰে যুৱতীক প্ৰতাৰণা।গ্ৰেপ্তাৰ হ’ল শিক্ষক তথা সাংবাদিক প্ৰদীপ বৰ্মন। জিলাখনৰ চামতা মটৰ ষ্টেণ্ড নিবাসী তথা কৈঠালকুছি মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰদীপ বৰ্মনৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি এগৰাকী যুৱতীয়ে ১ নৱেম্বৰত বেলশৰ আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ।সেই মৰ্মে বেলশৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৭৬ নম্বৰ ধাৰাৰ অধীনত ২২৫/২২ নম্বৰত এটি গোচৰ ৰুজু কৰে।উল্লেখ্য যে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক তথা এখন হিন্দী কাকতৰ সাংবাদিক প্ৰদীপ বৰ্মনে বিগত ডেৰ বছৰ ধৰি যুৱতী গৰাকীৰ সৈতে প্ৰেমৰ চলনা কৰি বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক বজাই ৰখাৰ পিছত বিগত ২১ আগষ্টৰ পৰা যুৱতীগৰাকীৰে সকলো সম্পৰ্ক ছেদ কৰে।অৱশেষত যুৱতী গৰাকীয়ে ন্যায় বিচাৰি পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আৰু জিলা সাংবাদিক সন্থাক পৃথকে পৃথকে আবেদন দাখিল কৰে যদিও কোনো সঁ‌হাৰি লাভ নকৰাত আৰক্ষীৰ কাষ চপাৰ পিছত আজি বেলশৰ আৰক্ষীয়ে শিক্ষক তথা সাংবাদিক প্ৰদীপ বৰ্মনক কৈঠালকুছি বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।শিক্ষকতাৰ লগতে সাংবাদিকতাৰ দৰে এক মহান বৃত্তিত জড়িত প্ৰদীপ বৰ্মনৰ এই নিকৃষ্ট কাণ্ডক জিলাখনৰ সচেতন মহলে একেমুখে ধিক্কাৰ জনাইছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296