গাহৰি মাংসৰ নাটনি গুৱাহাটীকে ধৰি নামনিত

নলবাৰী আৰু বৰপেটাৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হৈছে গাহৰি। এই মাৰাত্মক ৰোগ বিধ বিয়পি পৰাত গাহৰি পালকৰ মাজত হাহাকাৰ লাগিছে. উল্লেখ্য যে নলবাৰী জিলাৰ কেইবাখনো গাহৰি পামত জ্বৰ,কাঁ‌হ আৰু খাদ্য নাখাই অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গাহৰিৰ। জিলাখনৰ বিভিন্ন প্ৰান্তত এই ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসকৰ দলে গুৱাকুছিৰ শম্ভু বৰ্মন নামৰ এজন গাহৰি পালকৰ পামত থকা মৃত গাহৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।আজি প্ৰকাশ হোৱা মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত গাহৰি সমূহ আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়।ইতিমধ্যে গাহৰি পালকগৰাকীৰ শতাধিক গাহৰিৰ মৃত্যু হৈছে। নামনি অসমৰ বিভিন্ন অঞ্চলৰ লগতে গুৱাহাটীৰ বজাৰতো গাহৰি মাংসৰ নাটনিৰ সৃষ্টি হৈছে। ৰোগাক্ৰান্ত গাহৰি গ্ৰাহকে ক্ৰয় নকৰিব বুলি ব্যৱসায়ীয়ে গাহৰি ক্ৰয় কৰা বন্ধ কৰাৰ ফলত লোকচানৰ সন্মুখীন হৈছে গাহৰিপালক সকল। ইমানৰ পিছতো জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। এতিয়া আফ্ৰিকান ছোৱাইন ফ্লুত জিলা দুখনৰ সৰহসংখ্যক গাহৰি আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত বিভাগীয় ভাৱে কেনে ব্যৱস্থা তাৎক্ষণিক ভাৱে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296