মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে প্ৰস্তুত কৰিলে ইংৰাজী ভাগৱত গীতা

মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে অতি নিখুঁত ভাবে বৈ উলিয়াই ইংৰাজী ভাগৱত গীতা। ইয়াৰ পূৰ্বে তেওঁ গুণমালা, নামঘোষা আৰু ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণ ও তাঁতশালতে প্ৰস্তুত কৰি উলিয়াইছিল। মৰাণৰ এই গৰাকী আদৰ্শ শিপিনীয়ে ২৮০ ফুট দৈর্ঘ্য আৰু ২ ফুট প্রস্থৰ ভাগৱত গীতাখন সম্পূর্ণ কৰি উলিয়াই তিনি বছৰত৷ ভাগৱতৰ ১৮ স্কন্ধৰ ৭০১ ফাকি শ্লোক মুগাৰ সূতা বোৱা বস্ত্রত সেউজীয়া ৰঙৰ ঊণেৰে আটকধুনীয়াকৈ বৈ উলিয়াইছে শিপিনীগৰাকীয়ে৷ উল্লেখ যে নিজা আদৰ্শবান কৰ্মৰ বাবে বিভিন্ন ঠাইত সম্বৰ্ধিত আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে হেমপ্ৰভা চুতীয়া আৰু বহুতৰে বাবে হৈ ৰৈছে আদৰ্শৰ প্ৰতীক।

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296