মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালতে অতি নিখুঁত ভাবে বৈ উলিয়াই ইংৰাজী ভাগৱত গীতা। ইয়াৰ পূৰ্বে তেওঁ গুণমালা, নামঘোষা আৰু ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণ ও তাঁতশালতে প্ৰস্তুত কৰি উলিয়াইছিল। মৰাণৰ এই গৰাকী আদৰ্শ শিপিনীয়ে ২৮০ ফুট দৈর্ঘ্য আৰু ২ ফুট প্রস্থৰ ভাগৱত গীতাখন সম্পূর্ণ কৰি উলিয়াই তিনি বছৰত৷ ভাগৱতৰ ১৮ স্কন্ধৰ ৭০১ ফাকি শ্লোক মুগাৰ সূতা বোৱা বস্ত্রত সেউজীয়া ৰঙৰ ঊণেৰে আটকধুনীয়াকৈ বৈ উলিয়াইছে শিপিনীগৰাকীয়ে৷ উল্লেখ যে নিজা আদৰ্শবান কৰ্মৰ বাবে বিভিন্ন ঠাইত সম্বৰ্ধিত আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে হেমপ্ৰভা চুতীয়া আৰু বহুতৰে বাবে হৈ ৰৈছে আদৰ্শৰ প্ৰতীক।