উত্তৰ-পূৰ্বাঞ্চলত সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি বন্ধন বেংকৰ

বন্ধন বেংকে গুৱাহাটীত এটি সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি কৰিছে । এতিয়ালৈকে যিকোনো বেংকিং প্ৰতিষ্ঠানত কৈ উত্তৰ-পূৰ্বাঞ্চলত এইটো সৰ্ববৃহৎ কাৰেন্সি চেষ্ট। এইটো বেঙ্কৰ দ্বিতীয় কাৰেন্সি চেষ্ট। ই বেংকক অঞ্চলটোৰ শাখা আৰু এটিএমৰ বাবে নগদ ব্যৱস্থাপনাত সহায় কৰিব। এই কাৰেন্সি চেষ্টয়ে নগদ টকা ( কাৰেন্সি নোট ) যোগানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিত্তীয় পৰিস্থিতিতন্ত্ৰক সহায় কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবাহী সঞ্চালক জোছ জে কাট্টুৰ ,উত্তৰ-পূৱ ৰাজ্যসমূহৰ আঞ্চলিক সঞ্চালক, ভাৰতীয় ৰিজাৰ্ভ বেংক গুৱাহাটী, সঞ্জীৱ সিংহ , বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল গুৱাহাটীৰ কাৰেন্সি চেষ্ট উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। অসমত, বন্ধন বেংকৰ বৰ্তমান গ্ৰাহকৰ সংখ্যা প্ৰায় ২৬ লাখ। ৪৭২ টাতকৈও অধিক বেংকিং আউটলেটৰ এটি বিশাল নেটৱৰ্কৰ জৰিয়তে বন্ধন বেংকে অসমৰ লোকসকলৰ বেংকিং প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। বেংকে চলিত বিত্তীয় বৰ্ষত সমগ্ৰ ভাৰতত ৫৫১ টা নতুন শাখা খুলিব, যাৰ ভিতৰত ২০টা অসমত খোলা হব।বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে এই অনুষ্ঠানত কয়- “ অসম বহু বছৰ ধৰি বন্ধন বেংকৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ হৈ আহিছে। আমি ৰাজ্যখনত 26 লাখৰো অধিক গ্ৰাহকৰ বিশ্বাস আৰু মৰম লাভ কৰিছোঁ। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশত আমাৰ গুৰুত্বপূৰ্ণ বিতৰণে গুৱাহাটীক আমাৰ কাৰেন্সি চেষ্টৰ বাবে এটি গুৰুত্বপূৰ্ণ স্থানলৈ পৰিণত কৰি তুলিছিল। এই কাৰেন্সি চেষ্ট মুকলি কৰাটো অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ।”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296