সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিধানসভাত মুখ্যমন্ত্ৰীয়ে জয় বাংলাদেশ বুলি কৰা মন্তব্যৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লওকঃ ভূপেন বৰা

শ্বহীদৰ বিৰুদ্ধে বিতৰ্কিত অশালীন মন্তব্য কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ হল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। কিন্তু নিজৰ দলৰ এগৰাকী গুৰুত্বপূৰ্ণ বিধায়ক গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বিধানসভাত মুখ্যমন্ত্ৰীয়ে জয় বাংলাদেশ বুলি কৰা মন্তব্যৰ বিৰুদ্ধেও শাসকীয় পক্ষক আইনী ব্যৱস্থা লবলৈ দাবী জনাইছে বৰাই। লগতে সভাপতি ভূপেন বৰাই কয় যে কংগ্ৰেছে নিজৰ সংবিধানৰ মতে আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। ভূপেন বৰাৰ এই তীক্ষ্ণ মন্তব্যৰ পিছতে এতিয়া বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বিজেপি তথা শাসক পক্ষৰ সমৰ্থক সকল।

Leave A Reply

Your email address will not be published.