একে ঘাটৰে পানী খাইছে বন বিষয়া-ভূ মাফিয়াই

কিছুদিন ধৰি শিৱসাগৰৰ দিচাংমুখৰ অফলাৰ গৰাখহনীয়াৰ কাষতেই ভূ মাফিয়াই অবৈধভাৱে মাটি খান্দাৰ কথা জিলা বন বিষয়াক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল বিষয়া গৰাকীয়ে। এই অভিযোগ কৃষক মুক্তি তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।অবৈধ মাটি খননৰ বিষয়ে জিলা উপায়ুক্তক অৱগত কৰাত জিলা উপায়ুক্তই আৰক্ষী আৰু বন বিভাগৰ দল এটাক খনন কৰা স্থানলৈ পঠিয়াই আৰু তাৰ পৰা এখন টেক্টৰ জব্দ কৰে। কিন্তু মাটি খননৰ লগত জড়িত এখন জেচিবি আৰু ডাম্পাৰ এৰি দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।জিলা বন বিষয়াই ভূ মাফিয়া সকলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ সংগঠন দুটাৰ।জিলা বন বিষয়াগৰাকীৰ ছত্ৰছায়াতেই শিৱসাগৰৰ দিচাংমুখ, পহুগড় আদিত ভূ মাফিয়াই মুকলিকৈ অবৈধ মাটি খনন চলাই থকাৰ অভিযোগ সংগঠন দুটাৰ।বন বিষয়া গৰাকীক শিৱসাগৰৰ পৰা অতি শীঘ্ৰেই বদলি কৰিবলৈ দাবী জনাই সংগঠন দুটাই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296