গঠন হ’ল অসম চুক্তি ৰূপায়নৰ বাবে ৮ জনীয়া উপ সমিতি

Share This Article

অসম আৰু অসমীয়াৰ ৰূপৰেখা স্বৰূপ অসম চুক্তি ৰূপায়নৰ বাবে গঠন হল ৮ জনীয়া উপ সমিতি। এই উপ সমিতিৰ অধ্যক্ষ অসম চুক্তি ৰূপায়ন আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা। সমিতিৰ অন্যান্য সদস্য সকল ক্ৰমে, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা, লোক নিৰ্মাণ আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপংক কুমাৰ নাথ, সম্পাদক শংকৰ জ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপ জ্যোতি গগৈ। এই সমিতিখনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, বানপানী আৰু খহনীয়াৰ, শ্বহীদসকলৰ পৰিয়ালৰ পুনৰ্সংস্থাপন আৰু অসম আন্দোলনৰ ভুক্তভোগীসকলৰ আপডেটৰ লগতে অসম চুক্তিৰ ৭, ৯ আৰু ১০ নং দফা ৰূপায়ণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ যে আগন্তুক তিনিমাহৰ ভিতৰত এই সমিতিখনে প্ৰতিবেদন দাখিল কৰিব বুলি জাননীত উল্লেখ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.