কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

Share This Article

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ। উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেচন, WWF, ভূমি আৰু WTIৰ সহযোগত কাজিৰঙাৰ কহঁৰাৰ মিহিমুখত বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰা হয়। অক্টোবৰ মাহৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈ বন্যপ্ৰাণী সুৰক্ষাৰ উদ্দেশ্য আগত ৰাখি সপ্তাহ জোৰা কাৰ্যসূচীৰে দেশত পালন কৰি অহা হৈছে বন্যপ্ৰাণী সপ্তাহ। বন্য জীৱন সংৰক্ষণ শ্লোগানেৰে শনিবাৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় বন্যপ্ৰাণী সপ্তাহ। বন্যপ্ৰাণী সপ্তাহৰ পহিলা দিনটোত হস্তী দিন হিচাপে পালন কৰা হয়। আজি হস্তী দিৱসৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত হাতী সম্পৰ্কত বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।ইপিনে স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱ শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰেলী অন হুইলচ্ শীৰ্ষক অনুষ্ঠানৰো আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধীকৰণৰ অধীনৰ ৫১ খন টাইগাৰ ৰিজাৰ্ভে অংশ লৈছে এই কাৰ্যসূচীত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ওলিওৱা হয় বিশেষ ৰেলী। উল্লেখ্যে যে উত্তৰ পূবৰ সকলো টাইগাৰ ৰিজাৰ্ভে অংশ লৈছে এই কাৰ্যসূচীত।অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.