Investigative reporting with dedication.

কভিদ সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা।
আজিৰে পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে চিৰিয়াখানা। উল্লেখ যে আজিৰ পৰা আৰম্ভ হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি পুৱা চিৰিয়াখানা চৌহদত এক শোভাযাত্ৰাৰো শুভাৰম্ভণি কৰা হয়। চিৰিয়াখনাৰ দৰ্শনাৰ্থী সকলৰ বাবে অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব বুলি উল্লেখ কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। assamstatezoo.in ৱেবচাইটৰ জৰিয়তে দৰ্শনাৰ্থীসকলে টিকট বুক কৰিব পাৰিব।




