ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SEBAৰ নতুন নিৰ্দেশনা

Share This Article

⚫ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে SEBAই
⚫ সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org ত উপলব্ধ হ’ব
⚫ ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস কৰা হব
⚫ SEBAই No. SEBA/AB/NOTIFI/06/2018/25 এক নিৰ্দেশনাৰ জৰিয়তে অৱগত কৰিছে এই সিদ্ধান্তৰ কথা
⚫ পত্ৰ নং ASE.1214/2017pt/50 ত শিক্ষা সংসদে উল্লেখ কৰিছে বিগত এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই ক’ভিড সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে
⚫ অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে
⚫ সেয়েহে এনে পৰিস্থিতিত শিক্ষা সংসদে ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে
⚫ সেইবাবেই পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব
⚫ সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফ যোগে প্ৰদান কৰা হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.