ৰাজ্যত আজিৰে পৰা বলবৎ হ’ব নতুন SOP : কি আছে সবিশেষ

Share This Article

◆ নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ১০.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল।

 

◆ নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ। হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।

 

◆ চিনেমা হ’ল মুকলি কৰিবলৈ অনুমতি। ৫০ শতাংশ আসনত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা দৰ্শকেৰে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব। মানিব লাগিব ক’ভিড প্ৰট’কল ।

 

◆ দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি। শিক্ষা বিভাগে ইতিমধ্যে পৃথকে এছঅ’পি জাৰি কৰিছে আৰু প্ৰয়োজন অনুসাৰে অতিৰিক্ত ভাৱে নিয়মাৱলী শিক্ষানুষ্ঠানসমূহলৈ পুনৰ আগবঢ়াব।

◆ স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনৰ দৰ্শক আৰু ক’ভিড প্ৰট’কল মানি নাট প্ৰদৰ্শন কৰিব পাৰিব। শিল্পী, কলা-কুশলী, দৰ্শক সকলোৱে দুয়োপালি প্ৰতিষেধক ল’ব লাগিব।

 

◆ ৰাজ্যৰ বিখ্যাৎ ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০ গৰাকী লোকৰ দৰ্শনত অনুমতি। আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ৪০গৰাকী লোকৰ বাবে অনুমতি। দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

 

◆ মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি  অনুষ্ঠানৰ লগতে বিবাহ বাহৰত আয়োজিত বিয়াৰ অভ্যৰ্থনা আদিত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব। সকলো অংশগ্ৰহণকাৰীয়ে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.