সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ

দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক’ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক’ভিডৰ বাবে প্ৰায় দুটা বছৰে বন্ধ হৈ আছিল। বজাৰ মুকলি হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে এতিয়া হাঁহি বিৰিঙিছে কল খেতিয়কৰ মুখত। বেংগল তথা নেপাল আৰু ভূটানৰ লগতে ডুবাইলৈ ৰপ্তানি হয় অসমৰ কল। সেয়েহে দৰংগিৰিৰ কলৰ বজাৰ মুকলি হোৱাৰ পিছতে ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।

Leave A Reply

Your email address will not be published.