Investigative reporting with dedication.

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমানো অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে বিধায়ক অখিল গগৈ। লগতে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক তুলা-ধূনা দি অখিল গগৈয়ে আলীক এই মন্তব্য উঠাই ল’বলৈ দাবী জনায়। শ্বেৰমান আলী বিজেপি আৰু RSSৰ এজেণ্ট বুলি অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে ক্ষোভ উজাৰে। ইয়াৰ লগতে কংগ্ৰেছে শ্বেৰমান আলীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা কাৰ্যক কেৱল এখন নাটক আখ্যা দিছে বিধায়ক গগৈয়ে।




