সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহি পৰিল টানেল , মৃত্যু শ্ৰমিকৰ

Share This Article

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷

অহা আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শেষ পৰ্যায়ৰ নিৰ্মানকাৰ্য চলি আছে ৷ মূল বান্ধলৈ পানী বোৱাই আনিবৰ বাবে নিৰ্মান কৰি থকা হৈছে ৮ টাকৈ টানেল ৷ ইয়াৰে ২ নং টানেলটো খহি পৰাৰ ফলত শ্ৰমিকজন আৱদ্ধ হৈ পৰে ৷

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ থুনুকা পাহাৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মান কৰি থকা হৈছে ৷ অসমৰ বিশেষজ্ঞ সমিতিয়ে এই বিপজ্জনক দিশসমূহ বাৰম্বাৰ আঙুলিয়াই দিয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে আকোৰগোজ মনোভাৱেৰে আগষ্টৰ পৰা বিজুলী উৎপাদনৰ কাম আৰম্ভ কৰিবলৈ লৈছে ৷ ইয়াৰ শেষ পৰ্যায়ৰ কাম চলি থকা অৱস্থাতেই আজি এই বৃহৎ অঘটন সংঘটিত হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.