সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জ্যেষ্ঠ সাংবাদিক কমাল খানৰ মৃত্যু , কেনেকৈ ?

বৃহস্পতিবাৰে নিশা ৯ বজালৈ তেওঁ ৰিপ’ৰ্টিঙ কৰি আছিল ৷ শেষৰবাৰৰ বাবে টিভিৰ পৰ্দাত ভুমুকি মাৰিছিল নিশা ৯ বজাৰ প্ৰাইম টাইমত ৷ উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ১২৫ জনীয়া প্ৰাৰ্থী তালিকা সন্দৰ্ভত নিজৰ বিশ্লেষণ আগবঢ়াইছিল ৷ শুকুৰবাৰে খবৰ আহিল তেওঁ আৰু নাই ৷
এন ডি টি ভিৰ লক্ষ্ণৌস্থিত জ্যেষ্ঠ সাংবাদিক কমাল খানৰ হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত আজি পুৱাই মৃত্যু হয় ৷ মৃত্যুৰ সময়ত বয়স হৈছিল ৬১ ৷ বিগত ৩ দশক ধৰি সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত কমাল খানে ২২ বছৰ সাংবাদিকতা কৰে এন ডি টি ভিত ৷ মৃত্যুৰ সময়লৈকে তেওঁ এন ডি টি ভিত সাংবাদিকতা কৰি আছিল ৷

Leave A Reply

Your email address will not be published.