সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক ?

Share This Article

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছে এনফোৰ্চমেন্ট ডিৰেক্টৰেটে ৷ ধনৰ অবৈধ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক ৷ ই ডিৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি , দিল্লী চৰকাৰৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে হাৱালাৰ জড়িয়তে ধনৰ অবৈধ সৰবৰাহ কৰিছে ৷ ইয়াৰ বাবে তেও সহায় লৈছিল কলকাতাৰ শ্বেল কোম্পেনীৰ ৷ কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তে তেও ১৬.৩৯ কৌটি টকা নিজৰ চাৰিটা কোম্পেনীত বিনিয়োগ কৰা দেখুৱাইছিল ৷ ই ডিৰ নথিত উল্লেখ থকা অনুসৰি , ১৬.৩৯ কৌটি টকাৰ শ্বেয়াৰ কলকাতাৰ কোম্পেনীয়ে ক্ৰয় কৰিছিল সত্যেন্দ্ৰ জৈন আৰু তেওৰ পৰিয়ালৰ নামত থকা চাৰিটাকৈ কোম্পেনীৰ পৰা ৷ কিন্তু এই সমুদায় ধন আছিল সত্যন্দ্ৰ গাৰ্গে কোনো অজ্ঞাত উৎসৰ পৰা সংগ্ৰহ কৰা ৷ যি ধন পৰৱৰ্তী সময়ত কলকাতাৰ কোম্পেনীৰ বিনিয়োগ হিচাপে দেখুৱাইছিল ৷ সত্যেন্দ্ৰ জৈন জড়িত থকা কোম্পেনীকেইটা হ’ল –ইণ্ডো মেটালমপেক্স প্ৰাইভেট লিমিটেড , অকিনছন ডেভ’ল’পাৰ্ছ প্ৰাইভেট লিমিটেড , পাৰয়ছ ইনফোচলিউশ্যন প্ৰাইভেট লিমিটেড , মংগলয়টান প্ৰজেক্টছ প্ৰাইভেট লিমিটেড ৷ এই চাৰিটা কোম্পেনীৰ নামত সত্যেন্দ্ৰ জৈনে ২০০ বিঘাৰো অধিক কৃষিভূমি ক্ৰয় কৰা বুলি ই ডিয়ে উল্লেখ কৰিছে ৷ কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তে ধনৰ অবৈধ সৰবৰাহৰ গোচৰতেই এতিয়া কাৰাবন্দী হ’বলগীয়া হৈছে সত্যেন্দ্ৰ গাৰ্গ ৷

কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তে ক’লা ধন বিনিয়োগৰ এইটোৱে প্ৰথম বা শেষ ঘটনা নহয় ৷ শেহতীয়াকৈ ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখক ৷ ই ডিৰ অভিযোগত কোৱা হৈছিল যে অনিল দেশমুখে উৎকোচৰ ধন নিজৰ কোম্পেনীত বিনিয়োগ হোৱা ধন বুলি দেখুৱাইছিল ৷ ইয়াৰ বাবে অনিল দেশমুখে সহায় লৈছিল কলকাতাৰ ১৮ টাকৈ শ্বেল কোম্পেনীৰ ৷ তেও নিজৰ কোম্পেনী জোডায়িক ডেলকম প্ৰাইভেট লিমিটেডত কলকাতাৰ ১৮ টাকৈ কোম্পেনীয়ে ৯.৮২ কৌটি টকা বিনিয়োগ কৰা বুলি দেখুৱাইছিল ৷ তাৰ পাছত তেও আন দুটা কোম্পেনী ৰাবিয়া লজিষ্টিক প্ৰাইভেট লিমিটেড আৰু ব্লেকষ্ট’ন লজিষ্টিক প্ৰাইভেট লিমিটেড গঠন কৰি এই ধনখিনি ৱেৰহাউচৰ ব্যৱসায়ত বিনিয়োগ কৰে ৷ ইয়াৰ বাহিৰেও অনিল দেশমুখে মুম্বাইৰ বিভিন্ন বাৰৰ পৰা সংগ্ৰহ কৰা ধন তেওৰ ন্যাস শ্ৰী চাই শিক্ষণ সংস্থাৰ বৰঙণি হিচাপে দেখুৱাইছিল ৷ এইদৰে তেও ৪ কৌটিৰো অধিক টকা ন্যাসৰ নামত লেনদেন কৰিছিল ৷ অনিল দেশমুখ আৰু তেওৰ পৰিয়ালৰ নামত থকা মুঠ ২৭ টা কোম্পেনীৰ জড়িয়তে অবৈধ ধন সৰবৰাহ কৰা বুলি ই ডিয়ে উল্লেখ কৰিছিল ৷ বিগত বৰ্ষৰ ২ নৱেম্বৰত ই ডিয়ে গ্ৰেপ্তাৰ কৰা অনিল দেশমুখ আজিও কাৰাবন্দী হৈ আছে ৷

অলপতে ই ডিৰ জালত পৰিছিল ঝাৰখণ্ডৰ আই এ এছ বিষয়া পূজা সিংঘাল ৷ তেওৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল নগদ ১৭.৮০ কৌটি টকা ৷ ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল পূজা সিংঘালৰ স্বামী অভিষেক ঝাকো ৷ অভিষেক ঝা আছিল এখন হাস্পতালৰ মেনেজিঙ ডিৰেক্টৰ ৷ হাস্পতালখন হ’ল – পালছ চুপাৰ স্পেছিয়েলিটী হাস্পতাল ৷ পৰিচালনা কৰে পালছ সঞ্জীৱণি হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডে ৷ ইয়াৰ পাছতে ই ডিৰ অভিযান চলিছিল কলকাতাত ৷ কিয়নো কলকাতাৰ কোম্পেনীৰ জড়িয়তে পূজা সিংঘালৰ দুৰ্নীতিৰ ধন বিনিয়োগ কৰা হৈছিল তেওৰ স্বামীৰ কোম্পেনীত ৷ ই ডিৰ সূত্ৰৰ আঁত ধৰি প্ৰকাশ পোৱা বাতৰি অনুসৰি , কলকাতাৰ এহাল দম্পত্তী প্ৰাচী আগৰৱাল আৰু ৰৌণাক আগৰৱালাৰ ২০ টা শ্বেল কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ হৈছিল ঝাৰখণ্ডৰ ঠিকনা থকা পূজা সিংঘালৰ স্বামীৰ কোম্পেনীত ৷ পূজা সিংঘালৰ স্বামী অভিষেক ঝাই ২০১৬ চনত গঠন কৰিছিল আন এটা কোম্পেনী মেদানছ হাস্পতাল প্ৰাইভেট লিমিটেড ৷ য’ত প্ৰাচী আগৰৱালাৰ ২০ টা কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ কৰা হৈছিল ৷ প্ৰথমতে প্ৰাচী আগৰৱালাইও এই কোম্পেনীৰ সঞ্চালক হিচাপে যোগ দিয়ে ৷ কিন্তু ধন বিনিয়োগ হোৱাৰ পাছত সঞ্চালকৰ পদ ত্যাগ কৰে ৷ আনকি প্ৰাচী আগৰৱালাই নিজৰ প্ৰাপ্য ধন নোলোৱাকৈ কোম্পেনীৰ সঞ্চালকৰ পদ ত্যাগ কৰে ৷ ২০২০ চনত মেদানছ হাস্পতাল প্ৰাইভেট লিমিটেড নামৰ কোম্পেনীটো পালছ সঞ্জীৱণি হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডৰ লগত সংলগ্ন কৰা হয় ৷ এইদৰেই পূজা সিংঘালৰ ক’লা ধন বিনিয়োগ হৈছিল তেওৰ স্বামীৰ কোম্পেনীত ৷

এই তিনিওটা ধন সৰবৰাহৰ ঘটনাৰ পৰা এটা কথাই প্ৰমান হয় যে কলকাতাৰ শ্বেল কোম্পেনীৰ জড়িয়তেই দুৰ্নীতিগ্ৰস্থ বিষয়া – ৰাজনীতিকসকলে নিজৰ ক’লা ধন বিনিয়োগ কৰে ৷

কলকাতাৰ কোম্পেনীৰ লগত অসমৰো আছে এক বিশেষ সংযোগ ৷ দ্য ক্ৰছকাৰেন্টে পূৰ্বে প্ৰকাশ কৰা আৰ বি এছ পেপাৰ্ছত দেখা গৈছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে চৰকাৰী আৰু চিলিঙ চৰকাৰী মুঠ ২৯ বিঘা ৯ লেচা মাটি বে আইনীভাৱে ক্ৰয় কৰিছিল ৷ এই আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত কলকাতাৰ ১৭ টা কোম্পেনীয়ে বিনিয়োগ কৰিছিল ২ কৌটি ১৭ লাখ ৪৫ হাজাৰ টকা ৷ ধন বিনিয়োগৰ পাছতেই ৰিণিকি ভূঞা শৰ্মাই কোম্পেনীটোৰ সঞ্চালকৰ পদ ত্যাগ কৰিছিল আৰু পৰৱৰ্তী সময়ত কোম্পেনীটোৰ নামো সলনি কৰা হৈছিল ৷ ২০০৯ চন পৰ্যন্ত কলাকাতাৰ কোম্পেনীৰ বিনিয়োগ চলিছিল আৰ বি এছ ৰিয়েল্টৰ্ছত ৷ তাৰ পাছত এই শ্বেয়াৰ পৰ্যায়ক্ৰমে হস্তান্তৰ কৰা হয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘণিষ্ঠ ব্যক্তিলৈ ৷ আজিৰ তাৰিখত আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত একক সৰ্বাধিক ব্যক্তিগত শ্বেয়াৰ আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ৷ অৰ্থাৎ কলকাতাৰ কোম্পেনীৰ পৰা অসমতো বৃহৎ পৰিমানৰ ধন বিনিয়োগ হৈ আছে ৷ ধন বিনিয়োগ হৈছে খোদ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পেনীত ৷ কলকাতাৰ কোম্পেনীৰ ধন বিনিয়োগৰ বিষয়টো অতি সন্দেহজনক ৷ দিল্লী , মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ ঘটনাই ইয়াৰ প্ৰমান দিয়ে ৷ গতিকে আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত কলকাতাৰ কোম্পেনীৰ ধন বিনিয়োগৰ ঘটনাৰো সঠিক ৰহস্য নিশ্চয় ই ডিৰ তদন্তই পোহৰলৈ আনিব পাৰিব ৷


 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.