সমাজবাদী পাৰ্টিৰ অপৰ্ণা যাদৱৰ বিজেপিত যোগদান

Share This Article

প্ৰতিজন ভাৰতবাসীৰ মূল আৰ্কষণ এতিয়া ৫ ৰাজ্যৰ আগন্তুক নিৰ্বাচন। ৫ ৰাজ্যত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিয়ে আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যকেইখনৰ ৰাজনীতি। উত্তৰ প্ৰদেশত বিজেপি দলৰ কেইবাজনো মন্ত্রী-বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা সময়তেই শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ বোৱাৰী অপৰ্ণা যাদৱৰ বিজেপিত যোগদান। আজি পুৱা নতুন দিল্লীত বিজেপিত যোগদান কৰে অৰ্পণা যাদৱে। অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা অপৰ্ণা বিজেপিত যোগদান দলটোৰ বাবে বৃহৎ আঘাত। ইফালে, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে আজমগড়ৰ পৰা আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

আনহাতে, সকলো উৎকণ্ঠা ওৰ পেলাই পঞ্জাৱত আম আদমী পাৰ্টিয়ে (আপ) ঘোষণা কৰিলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। আগন্তুক নিৰ্বাচনৰ আম আদমী পাৰ্টিৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী সাংসদ ভগৱন্ত মন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.