RSS এ সুৰক্ষা দিব আদানিক?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS এ হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে তচনচ কৰা আদানিক সুৰক্ষা দিবলৈ আগবাঢ়ি আহিছে।সংঘৰ মুখপত্ৰত প্ৰকাশিত এক লেখাত আদানিৰ সমৰ্থনত লিখিছে যে তেওঁৰ ওপৰত এই আক্ৰমণ এইবাৰেই প্ৰথম নহয়,বিগত ২৫ জানুৱাৰীৰ আক্ৰমণ আদানিৰ ওপৰত প্ৰথম নহয়,ইয়াৰ আগতে ২০১৬-১৭ বৰ্ষত অষ্ট্ৰেলিয়াত এই আক্ৰমণ প্ৰথম আৰম্ভ হৈছিল ৷অষ্ট্ৰেলিয়াৰ এটা এনজিঅ’ই গৌতম আদানিক জনমানসত হেয় কৰাৰ চেষ্টা কৰিছিল।মুখপত্ৰখনত আদানিয়ে এনডি টিভিৰ শ্বেয়াৰ ক্ৰয়ৰ পিছতে ৰবীশ কুমাৰে এন ডি টিভি ত্যাগ কৰাৰ বিষয়টোও উত্থাপন কৰা হৈছে ।মুখপত্ৰখনত লিখিছে কিয় এগৰাকী পৰিৱেশবিদৰ এনজিঅ’ই বিবিচিৰ ডকুমেণ্টেৰীখন সমৰ্থন কৰি টুইট কৰিছে।ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে বুলিও প্ৰশ্ন কৰে মুখপত্ৰত?আদানি গ্ৰুপে ২০১০ চনত অষ্ট্ৰেলিয়াৰ বাণিজ্যিক কয়লা খনিৰ আৱণ্টন লাভ কৰিছিল।২০১৭ চনত কেইটামান এনজিঅ’ই আদানিৰ এই খনি আবণ্টনৰ বিৰোধিতা কৰিছিল৷350 নামৰ এনজিঅ’ই টাইডচ ফাউণ্ডেচনৰপৰা সাহাৰ্য লাভ কৰে।এই এনজিঅ’টোৱে ইয়াৰ দাতাৰ নাম উল্লেখ নকৰে।অৱশ্যে চানফ্ৰাঞ্চিস্ক’ৰ পৰা এই এনজিঅ’টোত বিনিয়োগ হয় বুলি জনাই এনজিঅ’ কৰ্তৃপক্ষই৷জৰ্জ চৰ’চ আৰু টম ষ্টেয়াৰ নামৰ ব্যক্তি দুজনে সৰ্বাধিক বৰঙনি আগবঢ়াই এই এনজিঅ’টোত৷চৰচ,ফৰ্ড ফাউণ্ডেছন ,ৰকফেলাৰ ,অমিডাৰ,বিল গেটচ আদিৰ নামো টাইডচ ফাউণ্ডেচনত বৰঙনি আগবঢ়োৱা সকলৰ তালিকাত আছে।অৰ্গেনাইজাৰত লিখিছে যে ভাৰতৰ এটা এনজিঅ’য়ো চৰছ ,ফৰ্ড ফাউণ্ডেচন,ৰকফেলাৰ,অমিদাৰ,বিল গেটচ,আজিম প্ৰেমজী আদিৰ পৰা বিনিয়োগ লাভ কৰে।ইতিমধ্যে হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে পিআইএল।হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে অধিবক্তা মনোহৰলাল শৰ্মাই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296