শিল্পা চেট্টীয়ে পাব নেকি আৰক্ষীৰ চমন ?

Share This Article

পৰ্ণ চিনেমা নিৰ্মান আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা আৰু তেওৰ সহযোগী ৰায়ান থৰ্প অহা ২৭ জুলাই পৰ্যন্ত থাকিব লাগিব আৰক্ষীৰ জিন্মাত ৷ দু্যোজন অভিযুক্তক মঙলবাৰ পৰ্যন্ত নিজৰ জিন্মাত বিচাৰি আদালতত আবেদন জনাইছিল মুম্বাই আৰক্ষীয়ে ৷ আদালতে এই আবেদন মঞ্জুৰ কৰিছে আৰু দুয়োৰে জিন্মাৰ ম্যাদ মঙলবাৰলৈ বৃদ্ধি কৰিছে ৷ উল্লেখ্য যে যোৱা ১৯ জুলাইত পৰ্ণ চিনেমা কাণ্ডত গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা ৷ আদালতে প্ৰথমাৱস্থাত তেওক ২৩ জুলাই পৰ্যন্ত আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰিছিল যদিও আজি  জিন্মাৰ ম্যাদ বৃদ্ধি কৰে ৷

ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে ৰাজ কুন্দ্ৰাৰ পত্নী শিল্পা চেট্টীয়েও আৰক্ষীৰ চমন লাভ কৰিব নেকি ? কিন্তু মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া মতে সদ্যহতে অভিনেত্ৰীগৰাকীক চমন দিয়া নহয় বা সোধ – পোছ কৰাৰ সম্ভাৱণাও নাই ৷ ইয়াৰ বিপৰীতে লণ্ডণ নিবাসী ৰাজ কুন্দ্ৰাৰ শালপতি প্ৰদীপ বক্সীক জিন্মাত ল’বলৈহে চেষ্টা চলাব আৰক্ষীয়ে ৷ কিয়নো অশ্লীল চিনেমা নিৰ্মানৰ পাছত ‘হটচট’ এপৰ জড়িয়তে সেয়া বিক্ৰীৰ ব্যৱস্থা কৰিছিল প্ৰদীপ বক্সীৰ কোম্পেনী কেনৰিন লিমিটেডে ৷ সেইবাবেই মুম্বাই আৰক্ষীৰ ৱান্টেডৰ লিষ্টত আছে প্ৰদীপ বক্সীও ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.